নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : দেৱী

কৰবী ডেকা হাজৰিকা

দেৱী শব্দটোত এক ৰহস্যময়তা আছে৷ দেৱীসকল মহিমাময়ী, পৰমা সুন্দৰী আৰু দয়াময়ী বুলি সাধাৰণভাৱে মানি লোৱা হয়৷ তাত অৱশ্যে ব্যতিক্রমো নথকা নহয়৷ দেৱী, মানৱী আৰু ৰাক্ষসীক তিনিটা স্তৰত থৈ আলোচনা কৰা হয়৷ তিনিও শ্রেণীৰে মাজত কেতিয়াবা কিছুমান উমৈহতীয়া লক্ষণো দেখা যায়৷ দেৱীৰ বাসস্থান সৰগত৷ দেৱী দুর্গাৰ বাসস্থান আকৌ কৈলাশ পর্বতৰ ভঙুৰা শিৱৰ ঘৰখন৷ ডমা দেৱীৰ পিতৃগৃহ হিমালয়ত৷ লক্ষ্মী দেৱীৰ ডদ্ভৱ হৈছিল সমুদ্র জলৰ পৰা৷ পদ্মা দেৱীৰ জন্ম হৈছিল পদুমৰ ঠাৰিত৷ সেহ জন্মৰ গুৰি–কথাও আচহুৱা, যিটো আজি ব্যাখ্যা কৰিবলৈ বিচৰা নাহ৷ দুর্গা দেৱীৰ ডৎপত্তিৰ বিষয়েও একাধিক কাহিনী আছে৷ মহিষাসুৰ নামৰ শক্তিমান অসুৰক নিধন কৰাত দেৱতাসকল অসফল হোৱাৰ পাছত ব্রহ্মা, বিষ্ণু, শিৱৰ ক্রোধৰ পৰা অপৰূপা দেৱী এগৰাকীৰ আৱির্ভাৱ হৈছিল৷ তেওঁকে সকলো দেৱ–দেৱীয়ে অস্ত্র–শস্ত্র দান কৰি, হিমালয়ে নিজৰ সিংহটোকে দি, মহিষাসুৰ নিধনৰ বাবে আগবঢ়াহ দিছিল৷ মানৱীক যেতিয়া অতি প্রশংসা বা সন্মান কৰা হয়, তেতিয়া তেওঁক দেৱীৰ লগত তুলনা কৰা হয়৷ সেহ ফালৰ পৰা ‘দেৱী’ এটা গৌৰৱৰ অভীধা৷ কিন্তু পৌৰাণিক আখ্যানে জনায় যে দেৱীসকলৰো নিষ্ঠুৰতা আৰু ক্রূৰতাৰ কোনো সীমা নাথাকিব পাৰে৷ দেৱীসকলেহে পশুবলি, নৰবলি আদি গ্রহণ কৰে, দেৱতাৰ মন্দিৰত বলি দিয়া নহয়৷ শিৱৰ দৰে দেৱতালৈ আগবঢ়োৱা ছাগলী বলি দিয়া নহয়, ডদঙীয়াকৈ মেলি দিয়াহে হয়৷ দেৱী দুর্গা আৰু দেৱী কালী, দেৱী মনসাৰ মন্দিৰত বিবিধ প্রাণী বলি দিয়া হয়৷ অথচ এইসকল দেৱী অতিশয় দয়াৱতীও হয়৷ ভক্তই যদি তুষ্ট কৰিব পাৰে তেন্তে দেৱীয়ে তেওঁৰ মনোকামনা পূর্ণ কৰে৷ দেৱীসকলৰ বৰ জগৰ লাগে, সেয়ে ভয় কৰাও হয়৷ য’তে মানুহৰ চিন্তাই ঢুকি নোপোৱা অৱস্থা এটা আহি পৰে, তাতে একোগৰাকী দেৱীৰ কল্পনা কৰি সৰল মানুহৰ মনে শান্তি লাভ কৰে৷ তেনেকৈয়ে আইৰ সাতভনী, দেৱী শীতলা, দেৱী ষষ্ঠী আদিৰ কল্পনাৰে মানুহ ভক্তিৰসত বুৰ যায়৷ দেৱতাৰ ভার্যাসকলকো দেৱী বোলা হয় যদিও স্বতন্ত্র শক্তিৰে মহিমাময়ী দেৱীসকলহে মনুষ্যৰ দ্বাৰা পূজিতা হয়৷ মানুহৰ মাজত দেৱীৰ মহিমাময়ী ৰূপ বিচাৰি চাই ৰোমাণ্টিক কবিসকলে প্রেয়সীক দেৱী বুলি সম্বোধন কৰিছিল৷ প্রকৃতিকো বুলিছিল দেৱী, নিশাটোও হৈছিল নিশাদেৱী৷ দেৱীৰ আসন অতি ওপৰত৷ সেয়েহে ৰামায়ণৰ ৰাক্ষসী সৰমাৰ প্রীতভৰা আচৰণ আৰু সীতাৰে সৈতে সখীত্বৰ বাবে কবিয়ে কৈছিল–
সৰমা ৰাক্ষসী
সৰমা মানৱী
নহয়, সৰমা দেৱী
ৰাক্ষসী বুলিলেই বেয়া, মানৱী বুলিলেই অলপ ভাল, দেৱী বুলিলেই অতি ভাল, সেয়ে মানুহৰ ধাৰণা৷ ভাৰতীয় সমাজত দেৱী বুলিলে শ্রদ্ধা কৰাটো বুজায় যদিও কাৰোবাক কালী গোসাঁনী বা চামুণ্ডা আখ্যা দিলে কথাটো অলপ বেলেগ হয়৷ ধেমালিৰ সুৰত ‘বিদ্যাত সৰস্বতী’ বুলি ক’লে কম মেধাৰ বুলিহে বুজা যায়৷ অতি হাই–কাজিয়া কৰি গালি–শপনি পাৰি থকা নাহবা মিছা কথা কৈ অশান্তিৰ সৃষ্টি কৰা তিৰোতাৰ কণ্ঠত ‘দুষ্টা সৰস্বতী’য়ে থিত লৈছে বুলি কোৱা হয়৷ লক্ষ্মী দেৱীৰ লগতে আছে অলক্ষ্মীৰ ধাৰণা৷ কোনো কোনো ঠাহত গোবৰৰ মূর্তি সাজি অলক্ষ্মীৰ পূজা কৰি তেওঁক ঘৰ এৰি যাবলৈ প্রার্থনা কৰা হয় বুলি পঢ়িবলৈ পাহছিলোঁ৷ অতি খঙাল তিৰোতাক ‘মা মনসা’ বুলি আঁৰত কোৱা হয়৷ ‘লখিমী বোৱাৰী’, ‘লখিমী তিৰোতা’ আদি আখ্যা মৰমেৰে ভৰা৷ অলপ মন দি ভাবিলে বুজা যায় যে ভাৰতীয় সমাজত মহিলাক দেৱী আখ্যা দিয়া কার্য এক প্রহসনৰ বাহিৰে একো নহয়৷ বিসর্জনৰ দেৱী প্রতিমা যিদৰে পানীত পৰি ৰং–বৰণ হেৰুৱাহ চূডান্ত অৱহেলিত হৈ পৰে, সৰস্বতীৰ প্রতিমা গছৰ তলত এৰি অহাৰ পাছত বৰষুণত তিতি নাৰী শৰীৰৰ গঠন জিলিকাই মহিলা সমাজক বিষাদিত কৰে ভাৰতীয় মহিলাও সেই একে অৱস্থাৰে ‘দেৱী’৷ মন্দিৰত দেৱী গোসাঁনীক ধূপ–চাকি দি অহা পুৰুষে ঘৰত মহিলাক মাৰ–ধৰ কৰে৷ নাবালিকা ছোৱালীৰে পৰা বিবাহিতা বোৱাৰীলৈকে অসুৰক্ষিত হৈ বলাৎকাৰৰ বলি হৈ মৃত্যবৰণ কৰে নাহবা মৃত্যুতকৈও ভয়ংকৰ সামাজিক অবিচাৰ লাভ কৰে৷ সৃষ্টিৰ সর্বশ্রেষ্ঠ দেৱীস্বৰূপা মাতৃসকলক বাটত মেলি দিয়া, উদং ঘৰহয়ত নিঃসংগভাৱে মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়া হয়৷ কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰা হয়৷ জীৱিকাৰ সন্ধানত ওলাই আহি এমুঠি আহাৰৰ বাবে ভাৰতীয় ‘দেৱী’য়ে অন্ধকাৰ পথ গ্রহণ কৰে৷ এহবোৰ জিলিকি থকা দুর্দশাৰ বাহিৰেও মহিলা সমাজৰ জীৱনৰ ভিতৰচ’ৰা সাধাৰণতেই দুখদায়ক৷ তেওঁলোকৰ ইচ্ছা, আগ্ৰহ আৰু মতামতে পৰিয়াল বা সমাজত উচিত মূল্য নাপায়৷ বহুতো অধিকাৰৰ পৰা নাৰী সমাজ সদায় আঁতৰতে আছে৷ সেয়েহে মুখৰ কথাত দেৱী বুলি পূজা কৰাৰ প্রৱণতা দেখুৱালেও ভাৰতীয় নাৰী ‘মানুহ’ হ’বলৈকে পৰা নাই, দেৱী হোৱা দূৰৰে কথা৷ দেৱী পূজাৰ বতৰত কথাবোৰ সমাজেও মন কৰিব লাগে৷ পূজাৰ সময়তে অসুৰৰ টিঘিলঘিলনি বাঢ়িব, দলে দলে কিশোৰী যুৱতীৰ সন্মান হানি হ’ব৷ দেৱীতকৈ মানৱীৰ সুৰক্ষাৰ প্রয়োজন বেছি৷ বাটলৈ ওলাহ গৈ মর্যাদাহীন জীৱিকাত নামি পৰা নাৰীৰৰ উদ্ধাৰৰ বাবে যত্ন কৰাৰহে এতিয়া সময়, লাখ লাখ টকা দেৱী পূজাৰ নামত ব্যয় কৰাৰ সময় নহয়৷ পূজা হোৱা উচিত আধ্যাত্মিক, বিলাস নহয়৷ মানৱীক সুৰক্ষা দিলেহে দেৱীও সন্তুষ্ট হ’ব বুলি ধৰি লৈ পূজাৰ বতৰতে সংকল্প লোৱা উচিত৷

ফোনঃ ৯৪৩৫১–৩১৮৪৮

You might also like