নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠনৰ দাবীত বঙাইগাঁৱৰ তুলুঙীয়াত পথ শোভাযাত্ৰা

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু কোচ-ৰাজবংশী সকলোক ভৈয়াম জনজাতিকৰণৰ দাবীত আজি কোচ-ৰাজবংশী জাতীয় পৰিষদ আৰু কোচ- ৰাজবংশী মহিলা পৰিষদে বঙাইগাঁও জিলাৰ তুলুঙীয়াত প্ৰায় দুই কিলোমিটা পথ শোভাযাত্ৰা কৰি ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ তিনি দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে।এই কথা জনায় কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে। দুই সহস্ৰাধিক লোকে সমদল কৰি শীঘ্ৰে কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰা, কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতিৰ মৰ্যাদা দিয়া, কে এল অৰে ভাৰত চৰকাৰৰ মাজত প্ৰত্যেক্ষ আলোচনা অনুষ্ঠিত কৰি শান্তি প্ৰতিষ্ঠা কৰা, কমতাপুৰ আমাৰ ন্যায্য দাবী, ন এছ টি ন ৰেষ্ট, ডিভাইড আসাম বেংগল ফিফটি ফিফটি আদি ধ্বনিৰে ৰাষ্ট্ৰীয় পথ মুখৰিত কৰি তোলে। কমতাপুৰ ৰাজ্য উদ্ধাৰৰ এয়াই শেষ যুদ্ধ বুলি ঘোষণা কৰি কোচ ৰাজবংশী জাতীয় পৰিষদে গণতন্ত্ৰক আৰু গণতান্ত্ৰিক আন্দোলনক বিশ্বাস কৰে বুলি অনুকিয়াই শীঘ্ৰে কমতাপুৰ ৰাজ্য গঠন কৰিবলৈ দাবী কৰে। চলিত ডিচেম্বৰ আৰু আগন্তুক জানুৱাৰী মাহৰ ধাৰাবাহিক আন্দোলনৰ পিছতো যদি ভাৰত চৰকাৰৰ গা নলৰে তেতিয়া ইয়াতকৈ জোৰদাৰ আন্দোলন কৰাই নহয় অনিৰ্দিষ্টকালীন ৰাষ্ট্ৰীয় পথ আৰু ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বিবৃতি যোগে জাতীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰায়ে সকীয়াই দিয়ে। কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কাইলৈ কমতাপুৰ ৰাজ্য দাবী ফৰামৰ উদ্যোগ কোচবিহাৰ হব লগা বিশাল গণসমাবেশত কোচ ৰাজবংশী জাতীয় পৰিষদে অংশগ্ৰহণ কৰাৰ লগতে ২৯ ডিচেম্বৰত বৰপেটাৰোডত দুই ঘণ্টা ৰেলপথ অৱৰোধ আৰু ১২ জানুৱাৰীত বঙাইগাঁও জিলাৰ সিদলসতীত গণসমাবেশ আয়োজন কৰা বুলি বিবৃতিযোগে বিশ্বজিৎ ৰায়ে জনায়।

You might also like