নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাবিদ ভীমকান্ত কোঁৱৰৰ পৰলোক : নগেন শইকীয়াৰ শোক প্ৰকাশ

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰঃ ডিব্ৰুগড়ৰ শৈক্ষিক,বৌদ্ধিক, সামাজিক, সাংস্কৃতিক জগতৰ এগৰাকী অগ্রণী ব্যক্তি, দক্ষ সংগঠক, শিক্ষাবিদ, ডিব্ৰুগড় কানৈ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা শংকৰী কলা-কৃষ্টিৰ একনিষ্ঠ সেৱক ভীমকান্ত কোঁৱৰৰ আজি পুৱা প্ৰায় ১০ বজাত ডিব্ৰুগড়ৰ উদয়পুৰৰ নিজা বাসভৱনত ৮৪ বছৰ বয়সত মৃত্যু হয়। কিছুদিন চিকিৎসালয়ত চিকিৎসা কৰি পৰৱৰ্তী সময়ত তেওঁৰ ইচ্ছা অনুসৰি গৃহলৈ অনা হৈছিল। ১৯৩৮ চনৰ ২২ ডিচেম্বৰত শিসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ নকটানি চিৰিপুৰীয়া গাঁৱত জন্ম হয় হৈছিল ভীমকান্ত কোঁৱৰ।গৌৰীসাগৰ ইণ্ডাষ্ট্ৰীয়েল ইন্চটিটিউট হাইস্কুলৰ পৰা (১৯৫৫) উচ্চ মাধ্যমিক শিক্ষা সমাপন কৰি শিৱসাগৰ কলেজৰ পৰা অসমীয়াত অৰ্নাছসহ (১৯৬০) সফলতাৰে কৃতকাৰ্য লাভ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৪ চনত অসমীয়া ভাষা শাখাৰ দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। উক্ত বৰ্ষত প্ৰথম শ্ৰেণীৰ কোনোৱে পোৱা নাছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰয়াত কোঁৱৰে কানৈ কলেজৰ অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে যোগ দি পিছলৈ বিভাগীয় মূৰব্বী হোৱাৰ লগতে ভাৰপ্ৰাপ্ত উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। শংকৰী কলা-কৃষ্টিৰ একনিষ্ঠ সেৱক ভীমকান্ত কোঁৱৰ ডেৰশ বছৰীয়া ডিব্ৰুগড় শীর্ষক নিবন্ধক তথ্য- সমৃদ্ধ ৰচনা শ্ৰীশ্ৰীঅনিদ্ধদেৱৰ গীত-পুথি-নামঘোষা আৰু নিত্যানন্দদেৱৰ ভক্তিমঙ্গল নামঘোষাৰ সম্পাদনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।এগৰাকী দক্ষ সংগঠক হিচাপে খ্যাত কোঁৱৰ অসম সাহিত্য সভাৰ ৬৬তম ডিব্ৰুগড় অধিৱেশনৰ আদৰণি সমিতিৰ যুটীয়া সম্পাদক ৰূপে নিষ্ঠাৰে কৰ্তব্য পালন কৰিজিল। সাহিত্যৰ এগৰাকী ব্যক্তি হ’লেও ইতিহাস সন্ধানী প্রবন্ধ ৰচনা তেওঁৰ উপজীব্য। ডিব্ৰুগড় ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ স্মৃতিত ডিব্ৰুগড়ৰ শৈক্ষিক পৰম্পৰাৰ এক অন্যতম দলিল স্বৰূপ লেখনি প্ৰকাশ কৰি খ্যাতি অৰ্জন কৰিছিল।বহু কাকত-আলোচনীত লিখাৰ উপৰিও বিশেষকৈ স্মৃতিগ্রহ সম্পাদনাত দক্ষতাৰ প্ৰমাণ দাঙি ধৰিছিল। সংবাদধর্মী মূল্য বর্তমান লিখনিত বিদ্যমান। অসম সত্ৰ মহাসভাৰ সৈতেও ওতঃপ্রোতভাৱে জড়িত হৈ আছিল বিশিষ্ট প্রবন্ধকাৰ, দক্ষ সংগঠক,শঙ্কৰী কলা- কৃষ্টিৰ সেৱক আছিল ভীমকান্ত কোঁৱৰ। শিক্ষাবিদগৰাকীৰ মৃত্যুত ডিব্ৰুগড়ৰ লগতে তেওঁৰ উপজা স্থান কোঁৱৰপুৰত গভীৰ শোকৰ ছাঁ পৰিছে।তেওঁৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়া, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ পৌৰসভাৰ পৌৰপতি ডাঃ সৈকত পাত্ৰ, ডিব্ৰুগড় সাহিত্য সভাৰ উপসভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল বুঢ়াগোহাঁই, কাৰ্যালয় সম্পাদক সন্তোষ যাদৱে প্ৰয়াত কোঁৱৰৰ নশ্বৰ দেহাত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।লগতে কানৈ কলেজৰ শিক্ষক সমাজ, আজনকা নাট্য গোষ্ঠী, আখৰা ঘৰ, গণ নাট্য সংঘৰ আৰিফা বেগম, শৰৎ চন্দ্ৰ নেওগে সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ আৰু দুই কন্যাসহ ভালেসংখ্যক আত্মীয়স্বজন আৰু গুণমুগ্ধক এৰি যায়। প্ৰয়াত কোঁৱৰৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ উদয়পুৰ বাসগৃহৰ পৰা বিয়লি শিৱসাগৰৰ উপজা গাওঁ কোঁৱৰপুৰলৈ নিয়া হয় আৰু তাতে শেষকৃত্য সম্পন্ন কৰা হয়।

ড° নগেন শইকীয়াৰ শোক প্ৰকাশ

বিশিষ্ট শিক্ষাবিদ, উপাধ্যক্ষ তথা শংকৰী কলা কৃষ্টিৰ একনিষ্ঠ সাধক ভীমকান্ত কোঁৱৰৰ বিয়োগত প্ৰতিথযশা সাহিত্যিক ড° নগেন শইকীয়াই আজি ‘নিয়মীয়া বাৰ্তা’ক কয়– আমি কোনো ইয়াত চিৰদিনলৈ থাকিব নোৱাৰো। সৰু পৰুৱাটোৰ পৰা গজহস্তীলৈকে। যিদৰে এদিন আমি আহো, ঠিক তেনেকৈ এদিন যাবগৈ লাগিব। আমি দুয়ো একেতা বয়সৰে। কোঁৱৰে সমগ্ৰ জীৱন শিক্ষা আৰু সমাজৰ বাবে কাম কৰি থৈ গল। সকলো সময়তে তেখেতৰ মনৰ মাজত ভগৱানৰ প্ৰতি,শংকৰী কলা-সংস্কৃতিৰ প্ৰতি,অসমীয়া জাতিটোৰ প্ৰতি যিটো প্ৰাণ আছিল, সেই প্ৰাণেৰে সকলো কাম কৰিবলৈ যত্ন কৰিছিল। ডিব্ৰুগড়ৰ সকলো সামাজিক অনুষ্ঠানৰ সৈতে ওত:প্ৰোতভাবে জৰিত আছিল কোঁৱৰ। তেওঁৰ মহাপ্ৰয়াণৰ পিছত এতিয়া অসমৰ মানুহে তেওঁৰ গুণাৱলীৰ কথা জানিব পাৰিব।তেও আছিল একপ্ৰকাৰ মুকলি অন্তৰৰ, পেটত একেবাৰে কথা নথকা লোক আছিল। সকলোৰে সৈতে অন্তৰৰ সৈতে সৰ্ম্পক গঢ়ি তুলিছিল। আমাৰ জীৱনত কাৰোৰে ম্যাদী পট্টা নাই,সকলো এদিন যাবই লাগিব।সেয়ে এই সন্ধিক্ষণত মই কঁও যে মোৰ কোনো মানুহৰ প্ৰতি বিদ্বেষ ভাব নাই। ম’তৰ অমিল হব পাৰে। কিন্তু মানুহক মই সমজ্ঞান কৰো। কোঁৱৰেও সকলোকে সমান চকুৰে চাইছিল। এয়া তেখেতৰ মনত ৰাখিব লগীয়া ব্যক্তিত্বৰ এক বিশেষত্ব। তেওঁৰ বিয়োগত মই গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছো।

প্ৰেৰক বিভাস দুৱৰা।

You might also like