নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীত চুম্বকীয় মানুহঃ চুম্বকীয় মানুহৰ দেহত লাগি ধৰে ষ্টীলৰ চামুচ

নিয়মীয়া বাৰ্তা ১৪ জুনঃ  চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী কাৱাটিকাত এগৰাকী লোকৰ দেহত চুম্বকীয় আকৰ্ষণ দেখিবলৈ পোৱা গৈছে ৷ কাৱাটিকা নিবাসী শিৱশংকৰ অধিকাৰীৰ দেহত দেখা গৈছে অলৌকিক ঘটনা ৷ অধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, কেইদিনমান আগতে বাতৰিত দেখি নিজ দেহত পৰীক্ষা কৰি দেখিলে যে সঁচাকৈ চামুচ তেওঁৰ দেহতো লাগি ধৰে ।

বিজনী চহৰৰ নিকটৱৰ্তী ভেটাগাঁৱৰ নৱাৰূণ হাইস্কুলৰ বিজ্ঞান শাখাৰ শিক্ষক শিৱ শংকৰঅধিকাৰী । শিক্ষকজনৰ মতে এয়া কোনো ভেকচিন লোৱাৰ বাবে নহয়, এয়া একাংশ মানুহৰ দেহত এক ধৰণৰ মেগ্নেটিক পাৱাৰ থাকে যাৰ ফলত এই ধৰণৰ ষ্টীল জাতীয় সামগ্ৰী দেহত লাগি ধৰে । শিক্ষকজনে আৰু জানিবলৈ দিয়া মতে, বিগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁ এই পৰীক্ষা কৰিছে ।

You might also like