বকোৰ ভালুকঘাটাত সুবাসনা দত্তৰ মনপৰশা সংগীতানুষ্ঠান
নিয়মীয়া বাৰ্তা; ১৬ এপ্ৰিল:কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাত ৩০ চ’তৰ পৰা ২ বহাগ(১৪/১৫/১৬ ইং,২০২৩ ইং)লৈ আয়োজন কৰা হৈছে ভালুকঘাটা ৰঙালী বিহু সন্মিলনৰ সোনালী জয়ন্তী।এই সোনালী জয়ন্তী উপলক্ষে ভালুকঘাটা সত্ৰ প্ৰাঙ্গনত তিনিদিনীয়াকৈ আয়োজন কৰা বৰ্নাঢ্য কাৰ্যসূচীত প্ৰথম দিনটোত পুৱাৰে পৰা নিশালৈ বিভিন্ন কাৰ্যসূচীৰ লগতে নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষন জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে সু-শৃংখলভাৱে সংগীতানুষ্ঠান পৰিৱেশন কৰে।সোনালী জয়ন্তীৰ প্ৰথম দিনটোত নৱবৰ্ষৰ প্ৰথমখন বিহু মঞ্চত কণ্ঠশিল্পী প্ৰিয়ংকাৰ সুমধুৰ সংগীতানুষ্ঠানত উপস্থিত হাজাৰ হাজাৰ সংগীতপ্ৰেমী ৰাইজৰ পাৰভঙা উচাহ দেখিবলৈ পোৱা যায়।একেদৰে শনিবাৰে দ্বিতীয় দিনাও পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষন হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত উপস্থিত থাকে।সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে পোনপ্ৰথমে বিহুৰ ৰভাতলীত উপস্থিত থকা বিহুবলীয়া ৰাইজক অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনায়।কণ্ঠশিল্পী সুবাসনা দত্তই সু শৃংখলভাৱে তেওঁৰ এটাৰ পিছত আনটো জনপ্ৰিয় গীত গাই হাজাৰ হাজাৰ অনুৰাগীৰ মন মুহিত কৰি তোলে।সুবাসনা দত্তৰ মনপৰশা গীতত ককাল ভাঙি নাচিলে উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে জীয়ৰী বোৱাৰী সকলোৱে।
ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন