মাটি বিক্ৰীৰ গইনাৰে ধন হৰলুকী কৰি গৌৰীপুৰত গ্ৰেপ্তাৰ সুমন
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ মাটি বিক্ৰীৰ গইনা লৈ বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুমন শীল নামৰ লোক এজনক আজি ধুবুৰী আদালতে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে বিষয়টো লৈ আনুষ্ঠানিকভাবে একো নজনালেও, জানিব পৰা মতে এগৰাকী মহিলা আৰক্ষীয়ে গৌৰীপুৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক। গৌৰীপুৰ চহৰৰ ৭নং ৱাৰ্ডৰ বাসিন্দা তথা ধৃত সুমন শীল নামৰ সেই লোকজনে মুখ খুলিলে আগলৈ গৈ মাটিৰ দালালী সংক্ৰান্তীয় ঘটনা সন্দৰ্ভত অইন কেইবাজনো আৰক্ষীৰ জালত পৰাৰো পূৰ্ণ সম্ভাবনা থকা বুলি প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী