নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ খিতাপ জয় কৰিব দিল্লী কেপিটেলছে

আত্মবিশ্বাসী সহযোগী প্রশিক্ষক মহম্মদ কাঈফ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ নতুন অধিনায়ক ঋষভ পণ্টৰ নেতৃত্বত এইবাৰ আই পি এলত খিতাপৰ অভাৱ দূৰ কৰিব দিল্লী কেপিটেলছে৷ বিগত বর্ষত চমকপ্রদ প্রদর্শনেৰে ফাইনেললৈ উন্নীত হোৱা দলটোৱে এইবাৰ খিতাপ জয় কৰি ইতিহাস ৰচিব৷ আই পি এললৈ মাজত মাত্র ছটা দিন বাকী থকা অৱস্থাত দিল্লী কেপিটেলছক লৈ এই আত্মবিশ্বাস ব্যক্ত কৰিছে দলটোৰ সহযোগী প্রশিক্ষক মহম্মদ কাঈফে৷ ‘এইবাৰ আমি আৰু এটা খোজ আগবাঢ়িব খুজিছোঁ৷ আমাৰ দলত এনে কেইবাগৰাকীও খেলুৱৈ আছে, যিয়ে দিল্লী কেপিটেলছৰ খিতাপৰ অভাৱ দূৰ কৰিব পাৰিব৷ বিগত বর্ষত আমি খিতাপৰ কাষ চাপিছিলো যদিও ফাইনেলত থমকি ৰৈছিলোঁ৷ কিন্তু এইবাৰ অধিনায়ক পণ্টকে ধৰি প্রায় আটাইকেইগৰাকী খেলুৱৈ সুন্দৰ ফর্মত আছে আৰু তেওঁলোকে আই পি এলৰ খিতাপ জিনিবলৈ উদগ্রীৱ হৈ আছে৷’ ৪০ বছৰীয়া কাঈফে এইদৰে কয়৷ উল্লেখ্য যে দিল্লীৰ একাংশ খেলুৱৈয়ে কাঈফৰ তত্ত্বাৱধানত ফিল্ডিং অনুশীলন চলাই আছে৷

You might also like