নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামী বিবেকানন্দৰ বিদেশ যাত্ৰাই বিশ্বক দেখুৱাইছে যে ভাৰত জাগ্ৰত : দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী: স্বামী বিবেকানন্দৰ বিদেশ যাত্ৰাই বিশ্বক দেখুৱাইছে যে ভাৰত জাগ্ৰত। স্বামী বিবেকানন্দৰ জীৱন দৰ্শনৰ বিষয়ে মহৎ ব্যক্তিয়ে বহু কথা কৈ গৈছে। এই কথাবোৰ ব্যাখ্যা কৰিলে দেখা যায় স্বামী বিবেকানন্দৰ বিদেশ যাত্ৰাই বিশ্বক দেখুৱাই দিলে যে ভাৰত জাগ্ৰত। কিন্তু কেৱল জীয়াই থাকিবলৈ নহয়, জয়ী হ’বলৈ ভাৰত জাগ্ৰত হৈছে। সোমবাৰে কৰিমগঞ্জ জিলাৰ বাজৰিছৰাৰ ৰামকৃষ্ণ সেৱাশ্ৰমত অনুষ্ঠিত যুৱ সন্মিলনৰ মুখ্য অতিথি সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত ডঃ দিগন্ত বিশ্ব শৰ্মাই এনেদৰে কয়। তেওঁ কয়, স্বামী  বিবেকানন্দই চিকাগো ধর্মসম্মিলনত অংশগ্রহণ কৰি ১৮৯৩ চনৰ ৬ ফেব্রুৱাৰীৰ দিনা স্বদেশলৈ ঘূৰি অহাৰ পিছত মাদ্রাজত তেওঁক ব্যাপক ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ পিছত ১৮৯৩ চনৰ ৬ ফেব্ৰুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমে এই দিনটো প্ৰত্যাৱৰ্তন দিৱস হিচাপে উদযাপন কৰি আহিছে । দিগন্ত বিশ্ব শৰ্মাই কয়,সমগ্ৰ জাতিক আধ্যাত্মিক শক্তি সংৰক্ষণ কৰিব লাগিব। স্বামীজীয়ে কৈছিল ভাৰত কিয় জীয়াই থাকিব লাগে, ভাৰতৰ মৃত্যু হ’লে কি হ’ব? স্বামীজীয়ে তেতিয়া কৈছিল ভাৰতৰ মৃত্যু হ’বনে? ভাৰতৰ যদি মৃত্যু হয় তেনে হ’লে আধ্যাত্মিকতা পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব। চৰিত্ৰৰ মহান আদৰ্শ নোহোৱা হৈ যাব, ধৰ্মৰ প্ৰতি অনুভূতি নোহোৱা হৈ যাব। সীতাৰাম গোৱেলে স্বামীজীৰ জীৱনী ব্যাখ্যা কৰি লিখা এখন গ্ৰন্থৰ কথা উল্লেখ কৰি তেওঁ কয় যে, এই গ্ৰন্থখনত এটা অধ্যায় আছিল ভাৰতত জাতীয় পুনৰুজ্জীৱন হ’ব। এই পুনৰুজ্জীৱনক হিন্দু পুনৰুজ্জীৱন হিচাপে গ্ৰহণ কৰা হৈছিল। স্বামীজীয়ে তেওঁৰ গ্ৰন্থখনত ভাৰতৰ ৭জন মহৎ ব্যক্তিক আমাৰ জাতীয় জীৱনৰ পুনৰুজ্জীৱনৰ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰিছে। তাৰ পাছত আন এজন সাহিত্যিক শংকৰ প্ৰসাদ বসুৱে তেওঁৰ গ্ৰন্থত লিখিছে যে, খ্ৰীষ্টান মিছনেৰীসকলৰ বিকৃত ব্যাখ্যাক তেওঁ অসহনীয় বুলি বিবেচনা কৰিছিল। ৰামকৃঞ্চৰ পৰা তেওঁ যি পাইছিল সেয়া উন্মোচন কৰিছিল। সেই বাণী হ’ল ‘যিমান মত সিমান পথ’। বিবেকানন্দৰ বক্তব্য আছিল মই কোন? মই কোন? যদি আপুনি অনুভৱ কৰিব পাৰে তেন্তে আপুনি ধন্য, আৰু যদি নোৱাৰে তেন্তে আপুনি দুৰ্ভাগ্যৱান। এই দিনা যুৱ সন্মিলনত দিগন্ত বিশ্ব শৰ্মাই স্বামীজীৰ বিদেশ যাত্ৰাৰ তাৎপৰ্যৰ কথাও উল্লেখ কৰে । স্বামীজীয়ে কয় যে, ৰাজনীতি কেতিয়াও সামাজিক জীৱনৰ উদ্দেশ্য হ’ব নোৱাৰে। এই দিনা সভাখনত কৰিমগঞ্জ মহাবিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক বিশ্বজিৎ ভট্টাচাৰ্য, কৰিমগঞ্জ ৰামকৃষ্ণ মিছনৰ ৰামভদ্ৰানন্দজী মহাৰাজ, বাজাৰিচৰা ৰামকৃষ্ণ মিছনৰ সম্পাদক নিহাৰ কান্তি ভট্টাচাৰ্য্যই ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, স্বামী বিবেকানন্দই ভাৰতলৈ প্ৰত্যাবৰ্তন কৰি ১৮৯৩ চনত ৰামকৃষ্ণ মঠ আৰু মিছন নামেৰে এটি মানৱকল্যাণমূলক আধ্যাত্মিক সংগঠন প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দ ভাৰতত অন্যতম জাতি-স্ৰষ্টাৰূপে পৰিগণিত হয়। তেওঁৰ শিক্ষাই মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, অৰবিন্দ ঘোষ, সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰমুখে একাধিক জাতীয় নেতা আৰু দাৰ্শনিকক প্ৰভাৱিত কৰিছিল।

You might also like