নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত অজিত ভূঞাৰ সাংসদ পুঁজিৰ দুৰ্নীতিৰ তদন্ত চিএম ভিজিলেঞ্চৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : ৰঙিয়াত চি এম ভিজিলেঞ্চৰ দল উপস্থিত। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ দ্বাৰা আবন্টিত পথ নিৰ্মাণৰ কামত হোৱা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত নিৰীক্ষণ চি এম ভিজিলেঞ্চৰ। অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ দ্বাৰা আবন্টিত কেইবাটাও পথ নিৰীক্ষণ কৰে দলটোৱে। কেইবাটাও স্থানত উপস্থিত হৈ স্থানীয় লোকৰ ভাষ্য গ্ৰহণ দলটোৰ। পথৰ চিন মোকাম নাই অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ দ্বাৰা আবন্টিত কামৰ। এক তথ্যৰ পৰা জানিব পৰা মতে ৰঙিয়া সমষ্টিৰ ৫টাকৈ পথ নিৰ্মাণৰ নামত সাংসদ ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ৰঙিয়াৰ কৃষ্ণ মন্দিৰ পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ টকা, ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ নামত ১৫ লাখ, চেপ্তি-বিহদিয়া পথৰ পৰা নকুছি পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ, ১নং তুলসীবাৰীৰ পৰা বঙালী চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ , নকুছি পামৈ চুবা পথৰ পৰা শৰ্মা চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, খৈৰাবাৰী বড়ো চুবাৰ পৰা বসুমতাৰী চুবা পথ নিৰ্মাণৰ নামত ১৪ লাখ টকা আবণ্টন দিয়া হৈছে। সাংসদ পুঁজিৰ ধনৰ এই কাম সমূহৰ কোনো এটা ঠাইতে এখন ফলক পৰ্য্যন্ত আঁৰি থোৱা পৰিলক্ষিত হোৱা নাই। পথ নিৰ্মাণৰ কথা নাজানে স্থানীয় ৰাইজে। উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like