তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী জলেন-গনেশসহ তিনি গৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী
নিয়মীয়া বাৰ্তা ২৭ অক্টোবৰ: ৰাজ্যত অনুষ্ঠিতব্য বিধানসভা উপ-নিৰ্বাচনক লৈ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে বাক্সা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে সক্ৰিয় ভূমিকা। জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰত হ’বলগীয়া উপ-নিৰ্বাচন মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে হাতত লোৱা পদক্ষেপৰ অংশস্বৰূপে জিলাখনৰ বিভিন্ন এলেকাত অভিযান চলাই আৰক্ষী, আবকাৰী বিভাগ, ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িঙ স্কোৱাডৰ দলসমূহে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই অভিযানকালত এতিয়ালৈকে জিলাখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষী, আবকাৰী বিভাগ, ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ দলে অভিযান চলাই ৪২৫৭ লিটাৰ দেশত নিৰ্মিত বিদেশী সুৰা, ৬৫৮ লিটাৰ বীয়েৰ, ৪৫৪৫ লিটাৰ চুলাই জব্দ কৰাৰ লগতে নগদ ১,৬৬,৮০০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে নিৰ্বাচন আয়োগে ভোটদাতাৰ সুবিধাৰ্থে নিৰ্মাণ কৰা চি-ভিজিল এপত এতিয়ালৈ ২৪ টা নিৰ্বাচন সম্পৰ্কীয় অভিযোগ দাখিল হোৱাৰ লগতে বিভিন্নজনে অনুজ্ঞাপত্ৰ থকা ৫৫ টা মাৰণাস্ত্ৰ প্ৰশাসনক জমা দিয়ে বুলি জিলা নিৰ্বাচনী বিভাগে জনাইছে ৷ ইপিনে নিৰ্বাচনী আচৰণ বিধি আৰু ক’ভিড বিধি উলংঘা কৰাৰ অপৰাধত আজি বাক্সা জিলা প্ৰশাসনে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী, নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী আৰু সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীক আজি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
input নিৰেণ কুমাৰ শৰ্ম্মা