নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী পৌৰসভাৰ দ্বাৰা স্থাপিত ৰাজহুৱা শৌচালয়ৰ কদৰ্যময় পৰিবেশঃবিজনী আঞ্চলিক আছুৰ গৰিহণা

নিয়মীয়া বাৰ্তা ২৭অক্টোবৰঃ চিৰাং জিলাৰ বিজনী চহৰত পৌৰসভাৰ অধিনত থকা ৰাজহুৱা সৌচালয়ৰ কদৰ্যময় পৰিবেশ।বিজনী আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ৰ সমিপত প্ৰায় ডেৰবছৰ আগতে স্থাপন কৰা ৰাজহুৱা শৌচালয়টো আজিও কৰা নহল মুকলি। স্বচ্ছ ভাৰত মিছনৰ অধিনত প্ৰবেশ মাচুলৰ ভিত্তিত স্থাপন হোৱা শৌচালয়টো আজিকোপতি মুকলি কৰা নহল যদিও পুৰুষ আৰু মহিলাৰ বাবে সংৰক্ষিত শৌচালয়টোৰ দুয়োখন দুৱাৰ খোলা অৱস্থাত থকাত একাংশ অসচেতন লোকে য’ত-ত’ত শৌচ কৰি, বিভিন্ন পেলনীয়া সামগ্ৰী পেলাই কদৰ্যময় কৰি তুলিছে শৌচালয়টো।এই সংক্ৰান্তত বিজনী আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সুদীপ চন্দই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে পৌৰসভাৰ এই কাৰ্যৰ গৰিহণা দিয়ে।সম্পাদক গৰাকীয়ে বিজনী পৌৰসভাৰ সভাপতি তথা কৰ্মচাৰী সকলৰ এই অকৰ্মন্যতাৰ বাবে পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে অতি শীঘ্ৰে শৌচালয়টো মুকলি কৰি কাৰ্যক্ষম কৰি নুতুলিলে প্ৰশাসনক অৱগত কৰি বিষয়টো উত্থাপন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।

You might also like