নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদী আৰক্ষীৰ সফল অভিযানঃ কদমৰ পৰা মহিলা সহ গ্ৰেপ্তাৰ ৬ নকল সোণ ব্যৱসায়ী, জব্দ দুখন বাহন

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : বগীনদীত চাঞ্চল্যৰ সৃষ্টি কৰি আজি প্ৰথম বাৰ নকল সোণ ব্যৱসায়ী গ্ৰেপ্তাৰ হ ল বগীনদী আৰক্ষীৰ হাতত। নকল সোণ, নকল টকা আৰু সকলোবোৰ চোৰাং ব্যৱসায়ৰ ঘাটি স্বৰূপ লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত বঙালমৰাৰ পৰা ক্ৰমে বগীনদীলৈ শিপাবলৈ লোৱা এই চোৰাং বেহাৰ আৰম্ভণিতে উৎখাত কৰিবলৈ সক্ষম হয় বগীনদী আৰক্ষীয়ে।

জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে আজি পুৱাতেই অভিযান চলাই কদম টেঙাবস্তিত কদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা নকল সোণ ক্ৰয় কৰিবলৈ অহা পশ্চিম বংগৰ দুই ব্যক্তি ক্ৰমে নন্দন ঘাট আৰক্ষী থানা অন্তৰ্গত পুব বৰ্ধমানৰ ৰতন দেৱনাথৰ পুত্ৰ স্বপন দেৱনাথ লগতে নকল সোণ বিক্ৰী চক্ৰৰ দলটোৰ লালুক আৰক্ষী থানাৰ অন্তৰ্গত বালিটিকা হৰিপুৰ গাঁৱৰ চিৰাজুল ইছলামৰ পত্নী মাছুমা বেগম (৪০),মফিজুল ইছলামৰ পুত্ৰ খাজানুৰ ৰহমান, হৰিপুৰ ৰাজআলি গাঁৱৰ ইড্ডিচ আলিৰ পুত্ৰ জামালুৰ ৰহমান আৰু বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম টেঙাবস্তি গাঁৱৰ ইড্ডিচ আলিৰ পুত্ৰ আতাউৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যদিও নকল সোণ বিক্ৰী চক্ৰটোৰ অন্যতম অভিযুক্ত তথা ঘটনাস্থলীত জব্দ কৰা, AR 01E 6025 নম্বৰৰ ইয়ন গাড়ীখনৰ চালক হৰিপুৰ বালিটিকা গাঁৱৰ নিৰাজুল ইছলামৰ পুত্ৰ ৰিয়াজুল ইছলাম পলাই যাবলৈ সক্ষম হয়। আনহাতে এই চোৰাং ব্যৱসায়ৰ লগত AS 07 B 7713 নম্বৰৰ ইয়মহা বাইক এখন জব্দ কৰিবলৈ সক্ষম হয়।যদিও গ্ৰেপ্তাৰ হোৱা দলটোৰ পৰা আৰক্ষীয়ে কেইটামান আপত্তিজনক নথি পত্ৰৰ বাদে নকল সোণ জব্দ কৰিব নোৱাৰিলে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা নকল সোণৰ ক্ৰেতা বিক্ৰেতা দলটোক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকে বগীনদী আৰক্ষী থানাত উপস্থিত হৈ নিজে সোধপোচ কৰি তদন্তৰ নিৰ্দেশ দিয়ে।

You might also like