নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুচৰ্চিত যোৰহাট লোকসভা সমষ্টিত তপন গগৈ জয়ী হোৱাটো খাটাং : ৰঞ্জিত দত্ত

🔹 শোণিতপুৰৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জনালে মিত্ৰজোঁটৰ প্ৰাৰ্থী দত্তই

বিশেষ বাৰ্তা,  ১৪ মে’ : অহা ৪ জুনত সংসদীয় নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হ’ব। এতিয়াও ৰাজ্যৰ লগতে দেশবাসী উৎকণ্ঠিত হৈ আছে এইবেলি কোনটো দলে লোকসভা নিৰ্বাচনত শেষ হাঁহি মাৰি বিজয়ৰ মুকুট পিন্ধিব বুলি । এনেহেন সময়তে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই আজি বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ বিধায়ক আৱাসত উপস্থিত হৈ সংবাদ মাধ্যমত শোণিতপুৰ সংসদীয় সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি প্ৰবল আত্মবিশ্বাসেৰে মন্তব্য কৰে । নিৰ্বাচনৰ পূৰ্বে বৰছলা সমষ্টিত ২৪খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা জনাই নিৰ্বাচনৰ পিছত বৰছলা সমষ্টিৰ কৰ্মকৰ্তাসকলক উৎসাহ দিবলৈ বৰছলা সমষ্টিৰ বিধায়কৰ গৃহত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাসকলৰ লগত চাহমেলত অংশগ্ৰহণ কৰাৰ কথা জনায় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷ আজি বৰছলা সমষ্টিৰ বুথ সমিতিসমূহৰ সভাপতিৰ লগত আলোচনা কৰা হৈছে, কোনটো বুথত কিমান ভোট পাব বুলি জনাই বুথ সমিতিসমূহৰ ওপৰত এক সমীক্ষা কৰা হৈছে বুলি জনায় প্ৰাৰ্থীগৰাকীয়ে ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই সংবাদ মাধ্যমত লগতে জনায় যে লোকসভা নিৰ্বাচন হৈ যোৱাৰ পিছত ভোটগণনাৰ পূৰ্বে বহুকেইগৰাকী প্ৰাৰ্থী অসমৰ বাহিৰলৈ বা বিদেশলৈ ফুৰিব গৈছে ৷ কিন্তু তেওঁ নিজ সমষ্টিত থাকি শোণিতপুৰ সংসদীয় সমষ্টিৰ ৯টা বিধানসভা সমষ্টিৰ বিধায়ক, ভোটাৰ ৰাইজৰ লগতে কৰ্মকৰ্তাসকলৰ লগত একাপ চাহ খাই মনৰ কথা-বতৰা পাতিছে বুলি অনুভৱ ব্যক্ত কৰে । শোণিতপুৰ সংসদীয় সমষ্টিৰ ভোটাৰ ৰাইজক বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ধন্যবাদ জ্ঞাপন কৰে । প্ৰাৰ্থীগৰাকীয়ে কয় যে এইবাৰ নিৰ্বাচনত সমষ্টিটোৰ ভোটাৰ ৰাইজে ৭৯.২% ভোটদান কৰাৰ লগতে পোষ্টেল বেলট যোগ দিলে ৮০ % ভোট দিয়া বাবে সমষ্টিটোৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জনায় প্ৰাৰ্থীগৰাকীয়ে । শোণিতপুৰ সংসদীয় সমষ্টিত ৩% মহিলা ভোট বৃদ্ধি হৈছে, এয়া এক শুভ লক্ষণ বুলি জনায় প্ৰাৰ্থীগৰাকীয়ে ৷ নিৰ্বাচনৰ সময়ত শোণিতপুৰ সংসদীয় সমষ্টিত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, ইভিএম টেম্পাৰিং হোৱা নাই, মুঠতে এক শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন সমাপ্ত হোৱা বাবে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ কথা জনায় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে । লোকসভা নিৰ্বাচনত ১১খন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত আৰু বহুচৰ্চিত যোৰহাট লোকসভা সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ জয়ী হোৱাটো খাটাং বুলি মন্তব্য কৰে জ্যেষ্ঠ বিজেপি নেতা তথা শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ৷ বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে সংবাদ মাধ্যমত জনায় যে সংসদীয় নিৰ্বাচনত অসমৰ কোনো এটা সংসদীয় সমষ্টিত হয়তো কিন্তু-পৰন্তু হ’ব পাৰে, কিন্তু শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই এই সমষ্টিত অভিলেখসংখ্যক ভোটত জয়ী হোৱাটো ১০০ শতাংশ খাটাং।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like