নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত দুৰ্ঘটনা : বিদ্যুতৰ খুঁটা ভাঙি হোটেলত সোমাল টাটা টিয়াগো

নিয়মীয়া বার্তা, ১ মে’ : আজি পুৱাই কাজিৰঙাৰ হালধিবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। য’ত এগৰাকী ১৮ বছৰীয়া যুৱতীসহ দুজন স্থানীয় লোক আহত হয়। প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৮-৪৫ বজাত লখিমপুৰৰ পৰা গোলাঘাট দিশে তীব্ৰ বেগত আহি থকা AS-07 R-8570 নম্বৰৰ টাটা টিয়াগো বাহনখনে হালধিবাৰীৰ ৩৭নং ৰাষ্ট্রীয় ঘাই পথত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এটা বিদ্যুৎৰ খুঁটা ভাঙি এখন চাহ হোটেলত সোমাই পৰে। উল্লেখযোগ্য যে সেই সময়ত সাধাৰণ চাহ হোটেল খনত চাৰিজন লোক বহি আছিল। বাহনখনে হোটেলখনত প্ৰচণ্ড জোৰেৰে সোমাই পৰাত লোককেইজন চিটিকি পৰে। ফলত  নাৰায়ণ ছেত্ৰী আৰু বিশাল ছেত্ৰী নামৰ দুজন স্থানীয় লোক আহত হয়। ইপিনে গোলাঘাট অভিমুখী টাটা টিয়াগো বাহনখনত অহা প্রার্থনা ভৰালী (১৮) নামৰ যুৱতীগৰাকী গুৰুতৰভাৱে আহত হয়।স্থানীয় ৰাইজৰ সহযোগত কঁহৰা যান বাহন আৰক্ষীয়ে আহতকেইজনক উদ্ধাৰ কৰি কঁহৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চলন্ত অৱস্থাত চালকৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like