নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ ৪০টা ভোটকেন্দ্ৰ পৰিচালনাৰ দায়িত্বত মহিলা, নিৰাপত্তাতো মহিলা

🔴পৰ্যালোচনা সভাত ঘোষণা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১ মে’ : গোৱালপাৰা নিৰ্বাচনী জিলাত তৃতীয় পৰ্যায়ত অৰ্থাৎ ৭ মে’ত অনুষ্ঠিতব্য ভোটগ্ৰহনৰ বাবে ৪০টা ভোটগ্ৰহণ কেন্দ্ৰ “মহিলাৰ দ্বাৰা চালিত ভোট কেন্দ্ৰ” (Woman Manned Vote Centre) হিচাপে চিহ্নিত কৰা হৈছে। লোকসভা নিৰ্বাচন-২০২৪ৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাত মুঠ ৯১০টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত যাতে ভোটগ্ৰহণকাৰী দল আৰু ভোটদাতাসকলে যাতে প্ৰাথমিক সা-সুবিধাখিনি লাভ কৰে তাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে ইতিঃপূৰ্বে সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিছে। জিলাখনৰ মহিলাৰ দ্বাৰা ভোটগ্ৰহণ হ’বলগীয়া ভোট কেন্দ্ৰসমূহত ভোট গ্ৰহণকাৰী দলটোৱে ভোটগ্ৰহণ কেন্দ্ৰত নিশা থকা, খোৱা, টয়লেট ব্যৱস্থা আদিৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নাপায় সেইটো নিশ্চিত কৰিবলৈ গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। মহিলাৰ দ্বাৰা পৰিচালিত হবলগীয়া মুঠ ৪০টা ভোট কেন্দ্ৰৰ বিএলও, চেক্টৰ বিষয়া, মাণ্ডলিক বিষয়া আৰু সংশ্লিষ্ট বিভাগসমুহৰ ( শিক্ষা, স্বাস্থ্য, লোক নিৰ্মাণ, শক্তি (APDCL),  জনস্বাস্থ্য কাৰিকৰী আদি) বিষয়াসকল এই সভাখনত উপস্থিত থাকে। নিৰ্বাচনী বিষয়া ড° শৈলেন দত্ত দাসে আঁ‌ত ধৰা সভাখনত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক মহিলা ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ গৈ পুনৰীক্ষণ কৰি অস্থায়ীভাৱে হ’লেও মহিলাৰ উপযোগীকৈ আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like