নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : তামুলপুৰৰ অন্তৰ্গত কাহিবাৰী নামঘৰ নিৰ্মাণৰ সাহায্যৰ্থে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বীণাপাণি থিয়েটাৰে তিনি নিশাৰ বাবে নাট মঞ্চস্থ কৰিবলৈ উপস্থিত হৈছে। থিয়েটাৰখনৰ যোৱা নিশা আছিল প্ৰথম দৰ্শনী। প্ৰথম দৰ্শনীৰ নাট মঞ্চস্থ কৰাৰ প্ৰাকমুহূৰ্তত দেখা গৈছে এক ব্যতিক্ৰমী পৰিবেশ। নাট মঞ্চস্থ কৰাৰ আগে আগে নামঘৰত বন্তি প্ৰজ্বলন কৰে অময়াপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক গকুল দাসে । বাথৌ থানশালিত বন্তি প্ৰজ্বলন কৰে স্থায়ী দেউৰী প্ৰভাত বড়োৱে। মুখ্যদ্বাৰ মুকলি কৰে কাহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ তালুকদাৰে। ইয়াৰ পিছতেই আয়োজক সমিতিয়ে নাট উপভোগ কৰিবলৈ অহা প্ৰতিজন দর্শকক চাহ মিঠাইৰে আপ্যায়ন কৰাৰ উপৰি সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰে। থিয়েটাৰ পৰিচালনা সমিতি আৰু গাঁওবাসীৰ এনে ব্যতিক্ৰমী প্ৰয়াসৰ বাবে সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। নিশাৰ ভাগত বীণাপাণি থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাই। কাহিবাৰী নামঘৰৰ সভাপতি কামেশ্বৰ ৰাভা, সম্পাদক ৰিনটো বড়ো, বাথৌ থানশালিৰ সভাপতি গোবিন্দ বড়ো, সম্পাদক নকুল বড়ো, থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি বনমালি ৰাভা, সম্পাদক চবিন ৰাভা আৰু উপদেষ্টা পদ্মধৰ বড়োকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত এমচিএলএ হেমন্ত কুমাৰ ৰাভাই কয় একেৰাহে পঞ্চম বছৰৰ বাবে এই অঞ্চলত এনে ধৰণৰ ব্যতিক্ৰমী চিন্তা চৰ্চাৰে অনুষ্ঠান ৰূপায়ণ কৰি থকা হৈছে। আক্ষৰিক অৰ্থত এয়া আমাৰ সমাজখনৰ বাবে এক শুভ লক্ষণ। উল্লেখযোগ্য যে নাট্যদলটোৱে যোৱানিশা কবিন ৰাজৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা বলিদান নাটখনে দৰ্শক ৰাইজৰ মন মুহিবলৈ সক্ষম হয় ।
প্ৰেৰক ৰজনী বৰ্মন