নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰম পূজাৰ দিনা তিতাবৰৰ লেটেকোজান বাগিচাত উত্তপ্ত পৰিৱেশঃ বন্ধ দিয়াৰ পৰিৱৰ্তে শ্ৰমিকক লগালে কামত

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ চাহ জনগোষ্ঠীৰ কুমাৰী যুৱতীসকলে সাত দিনে উপবাসে থাকি পালন কৰা কৰম পূজাৰ দিনাৰ চৰকাৰী নিৰ্দেশ অমান্য কৰি শ্ৰমিকক কামত নিয়োগ কৰাক লৈ আজি তিতাবৰ লেটেকোজান চাহ বাগিচাত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।চৰকাৰে কৰম পূজাৰ দিনটোত শ্ৰমিকক চুটি সহ মজুৰি প্ৰদানৰ নিৰ্দেশ দিয়াৰ পাছত আজি তিতাবৰত লেটেকোজান চাহ বাগিচাত শ্ৰমিক সকলক বাগিচাৰ পৰিচালকে কৰ্মত নিয়োগ কৰাত বাগিচা খনৰ শতাধিক মহিলা শ্ৰমিকে বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে।বাগিচা খনৰ মহিলা শ্ৰমিক সকলে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্ণা দি উত্তাল প্ৰতিবাদ কৰে।এই ক্ষেত্ৰত মহিলা শ্ৰমিক সকলে কয় যে আজি কৰম পূজা। এই পূজাক সন্মান জনায় চৰকাৰে বাগিচা সমূহ বন্ধ দি শ্ৰমিক সকলক মজুৰি দিবৰ বাবে বাগিচাৰ মালিক পক্ষক নিৰ্দেশ দিছে।ইয়াৰ পাছতো চৰকাৰী নিৰ্দেশ অমান্য কৰিছে বাগিচাৰ মালিক পক্ষই শ্ৰমিক সকলক কৰ্মত নিয়োগ কৰিছে।বাগিচাৰ মালিক পক্ষৰ এনে কাৰ্যক আমি প্ৰতিবাদ জনাইছোঁ আৰু কৰম পূজাৰ দিনা কৰ্ম বিৰতি পালন কৰিছো আৰু সম্পূৰ্ণ চুটি সহ মজুৰি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। ইফালে চৰকাৰী নিৰ্দেশ অমান্য কৰি তিতাবৰত আজি বহু কেইখন চাহ বাগিচা খোলা ৰাখি বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকক কৰ্মত নিয়োগ কৰে।বাগিচাৰ মালিক পক্ষৰ এনে কাৰ্যক তীব্র গৰিহণা দিছে চাহ জনগোষ্ঠীয় সাহিত্য সভাই।চাহ জনগোষ্ঠী সাহিত্য সভাৰ সম্পাদক অৰুণ কাৱাৰে এই সন্দৰ্ভত এই প্ৰতিবেদকক কয় যে চাহ জনগোষ্ঠীৰ লোক সকলৰ অন্য এক গুৰুত্বপূৰ্ণ পূজা হল কৰম পূজা।চৰকাৰে পূজাৰ মান ৰাখি কৰম পূজাৰ দিনা চুটি সহ মজুৰি প্ৰদানৰ নিৰ্দেশ দিছে মালিক পক্ষক।কিন্তু মালিক পক্ষই চৰকাৰী নিৰ্দেশ অমান্য কৰি বন্ধৰ দিনা শ্ৰমিকক কৰ্মত নিয়োগ কৰিছে।আমি কৰম পূজাৰ দিনা বাগিচাৰ মালিক পক্ষক শ্ৰমিকক চুটি সহ মজুৰি প্ৰদানৰ দাবী জনাইছোঁ বুলি কয়।এই সন্দৰ্ভত তিতাবৰ চাহ মজদূৰ সংঘৰ প্ৰতিক্ৰিয়া জানিব বিচাৰি সংঘৰ বিষয় ববীয়াৰ লগত যোগাযোগ কৰা হৈছিল যদিও বিষয় ববীয়াৰ মোবাইল ফোন বন্ধ থকাত যোগাযোগ কৰিব নগল।কৰম পূজাৰ দিনা শ্ৰমিক কৰ্মত নিয়োগ কৰাত বাগিচা সমূহত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰেৰক প্ৰণৱজ্যোতি কলিতা

You might also like