নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱৰ এছবিআই গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ 

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ দেৰগাঁৱৰ দিছৈ চাৰিআলি সমীপত থকা এছ বি আই গ্ৰাহক সেৱা কেন্দ্ৰত আজি দুপৰীয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।গ্ৰাম্য অঞ্চলৰ সাধাৰণ ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা গ্ৰাহক সেৱা কেন্দ্ৰটিত গ্ৰাহকক টকা উলিওৱাৰ সময়ত কেন্দ্ৰটিৰ পৰিচালকে প্ৰৱঞ্চনা কৰাৰ অভিযোগত সৃষ্টি হয় এই উতপ্ত পৰিস্থিতি। প্ৰৱঞ্চিত গ্ৰাহক সকলৰ ভিতৰত মাধুৰি চাৰ দলে আৰু বাদল দলে নামৰ দুগৰাকী গ্ৰাহকে কেন্দ্ৰটিৰ বিপক্ষে অভিযোগ উত্থাপন কৰা মতে দুই গৰাকী গ্ৰাহকে কেন্দ্ৰটিৰ পৰা উলিওৱা ধনতকৈ অধিক পৰিমাণৰ ধন উলিওৱাৰ তথ্য বেংক পাচবুক নিৰিক্ষণ (এন্টি) কৰোতে পোহৰলৈ আহে। এই সম্পৰ্কত কেন্দ্ৰ পৰিচালক গৰাকীক গ্ৰাহক কেইগৰাকীয়ে সোধা পোছা কৰিবলৈ যাওঁতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। পৰিচালক গৰাকীয়ে এই কথা অস্বীকাৰ কৰি গ্ৰাহক কেইগৰাকীয়ে নিজৰ জ্ঞাতসাৰেই টকা উলিয়াই নিয়াৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে গ্ৰাহকক সেৱাৰ নামত দেৰগাঁৱৰ একাংশ গ্ৰাহক সেৱা কেন্দ্ৰত এনেদৰে একাংশ সহজ সৰল চহা লোকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ পূৰ্বৰ পৰা উত্থাপন হৈ আহিছে।বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন হৈছে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী
You might also like