নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ADRE পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰাটো ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতা

নিয়মীয়া বাৰ্তা, ১৫, ছেপ্টেম্বৰঃ ADRE পৰীক্ষা সফলতাৰে অনুষ্ঠিত কৰাটো ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ সফলতা। চৰকাৰখনে বৃহৎ নিযুক্তিৰ ক্ষেত্ৰত অনুষ্ঠিত কৰা কোনোটো পৰীক্ষাত কোনো বিসংগতিৰ অভিযোগ নাই আজিলৈ। ইয়াৰ পৰাই উমান পাব পাৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ কথা। আজি টিহু হাইস্কুল খেলপথাৰত ভাৰতীয় যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন ফুটবল খেল উদ্বোধন কৰি এই মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই। তেওঁ আগত বছৰত অনুষ্ঠিত হ’ব লগা বি টি আৰৰ নিৰ্বাচনৰ কথাও উল্লেখ কৰি সেই নিৰ্বাচনত বিজেপিয়ে অকলেই যুজ দিয়াৰ পোষকতা কৰে। উল্লেখ্য যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক ডাঃ চন্দ্ৰকান্ত তালুকদাৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ তৃতীয়খন খেল আজি টিহু হাইস্কুল খেল পথাৰত অনুষ্ঠিত হয়। মাখিবাহা আঞ্চলিক ক্ৰীড়া সংঘ আৰু চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ মাজত অনুষ্ঠিত খেলখনত মাখিবাহা আঞ্চলিক ক্ৰীড়া সংঘই ১-০ গলত জয়ী হয়। পৰৱৰ্তী খেল নলবাৰীৰ বৰিদটৰাত অনুষ্ঠিত হ’ব ।

প্ৰেৰক গুণজিৎ কলিতা

You might also like