ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ আৰ্হিত গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায়।
কেবিনেটে ইয়াৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি বড়োলেণ্ড উন্নয়ন বিভাগ নামেৰে এটা নতুন বিভাগ মুকলি কৰাৰো সিদ্ধান্ত লোৱা হয় কেবিনেটৰ এই বৈঠকত। অনুৰূপভাৱে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ, সদস্য আদি নিযুক্তিৰ ক্ষেত্ৰতো কেতবোৰ নতুন সিদ্ধান্ত লোৱা হয়।
নগাঁৱৰ হাতীচোঙত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক ২৩৯ বিঘা, গুৱাহাটীৰ দীপক সংঘক একঠা, ৱৰ্ল্ড ৰিনিউৱেল স্প্ৰিচুৱেল ট্ৰাষ্টক ১০ বিঘা চৰকাৰী ভূমি আৱন্টন দিবলৈও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আঠ হাজাৰখন হুইল চেয়াৰ চৰকাৰে ক্ৰয় কৰাৰ সিদ্ধান্ত লয়।
আনহাতে আজিৰ কেবিনেটৰ বৈঠকতে ৫৭ খন বিদ্যালয়ত কৰ্মৰত ১০১ গৰাকী ভকেশ্ব’নেল শিক্ষকৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷