নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেকুঁৰি ৰংপুৰত চিলিণ্ডাৰ বিস্ফোৰণ জুইত জাহ গ’ল ৭ লক্ষাধিক সম্পত্তি

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ভাটি কেকুঁৰি ৰংপুৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণত স্‌ষ্টি হোৱা বিধংসী অগ্নিকাণ্ডত জয়নাথ খনিকৰ ( ৪৫ ) নামৰ লোকজনৰ প্ৰায় ৭ লক্ষাধিক টকা পইচা সা সম্পতি নষ্ট হোৱাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷

ঘটনাৰ বিবৰণিৰ মতে অন্য দিনাৰ দৰে জয়নাথৰ পৰিয়ালৰ লোকে পুৱাতে পথাৰত সৰিয়হ তুলিবলৈ ওলাই যোৱাৰ পিছত জীয়েকে ৰান্ধি বাৰী খায় বিদ্যালয়লৈ উলাই যোৱাৰ পিছতেই ঘৰটোত অগ্নিকাণ্ড সুত্ৰপাত হয় ৷ মুল ঘৰৰ লগতে থকা খেৰ বাহৰ ৰান্ধনী ঘৰটোত চিলিণ্ডাৰটোত থকা গেছ চিলিণ্ডাৰটোৰ পাহৰণিত বন্ধ নকৰাকৈ যোৱাৰ বাবেই ইকাৰৰ বেৰত জুই লাগি নিমিখতে ঘৰটো জুইৰ শিখাই চানি ধৰাৰ পিছতেই চিলিণ্ডাৰটো বিস্ফোৰণ হয় আৰু নিমিখতে দুয়োটা ঘৰ জুইয়ে চানি ধৰে ৷ পিছত স্বানীয় লোকে পথাৰ ঘৰৰ পৰা দৌৰাদৌৰিকৈ আহি স্বানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দি জুই নোমোৱাবলৈ চেষ্টা কৰে যদিও সকলো চেষ্টা অথলে যায়৷

খবৰ পোৱা মাত্ৰকে সোণাৰি চাপৰি আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হয় যদিও ঢকুৱাখনাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি পোৱালৈ ঘৰৰ লাম লাকুটা সকলো জুইত জাহ যোৱাত পৰিয়ালটোৱে হাহাকাৰ কৰিব লগা হৈছে৷ বিধ্বংসী জুইয়ে খনিকৰ পৰিয়লটোৰ সদস্য সকলৰ পিন্ধি থকা সাজ পাৰৰ বাহিৰে সকলো সা সম্পতিৰ লগতে সন্তান বিপ্লব খনিকৰৰ শিক্ষাৰ প্ৰমাণ পত্ৰকে ধৰি নগদ ধন আা অলকাৰকে আদি কৰি সকলো ছাইত পৰিণত কৰে৷ দুৰ্ভগীয়া পৰিয়ালটোক  স্বানীয় ৰাইজ আৰু যুৱ সংঘই কিছু সহায় কৰিছে যদিও পৰিয়লটোৱে দশো দিশ অন্ধকাৰত ককবকাব লগা হৈছে ৷

You might also like