ভূমি বিবাদৰ চূড়ান্ত ৰূপ, পৰিয়ালে মিলি গুপ্তাংগ চ্ছেদ মোস্তাফাৰ, ঘটনা কাছুমাৰাৰ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মৈৰাদিয়াত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি। ফলত বৌৱেকে কাটিলে দেওৰেকৰ গুপ্তাংগ। এই ঘটনা সংঘটিত হৈছে দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত মৈৰাদিয়া গাঁৱত। গাঁওখনৰ চুমৰ আলী আৰু বানেচ আলী দুই ভাই ককাইৰ মাজত দীৰ্ঘদিনৰে পৰা চলি আহিছিল ভূমিকেন্দ্ৰিক সংঘাত। পিছে হঠাৎ এই বিবাদে বুধবাৰৰ নিশা ল’লে ভয়ংকৰ ৰূপ। অভিযোগ অনুসৰি বানেচ আলীৰ পুত্ৰ মোস্তফা আলীক চুমৰ আলীয়ে সন্ধিয়া প্ৰায় ৮ বজাত ফোনযোগে মাতি ঘৰলৈ নি চুমৰ আলী, পত্নী, পুত্ৰ ফজৰ আলী আৰু বোৱাৰীয়ে গুপ্তাংগ কাটি দিয়ে। আহত মোস্তফা সম্প্ৰতি GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আনহাতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি পুত্ৰ-বোৱাৰীৰ সতে কুকৰ্ম কৰাৰ বাবেই এনে কৰা বুলি স্বীকাৰোক্তি দি চুমৰ আলী পক্ষই ঘটনাত ৰহণ সানি নিজৰ ঘৰ-দুৱাৰ নিজে ভাঙি নিশাই থানাত আত্মসমৰ্পণ কৰা বুলিহে ৰাইজে মন্তব্য কৰে। ইতিমধ্যে দুয়ো পক্ষই কাছুমাৰা থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যদিও আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনে জঘন্য ঘটনাৰ সঠিক তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলবাসীয়ে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস