নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱাগত শিমলীতোলাত লক্ষাধিক টকাৰ শাল-চেগুনৰ কুণ্ডা জব্দ বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’ : গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলা বজাৰ পাৰঘাটৰ জলজলী নৈৰ পানীত লুকুৱাই ৰখা কেইবা লক্ষাধিক টকা মুল্যৰ শাল, চেগুন কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগে। জিলা বন প্ৰাধিকাৰীৰ নিৰ্দেশত বনাঞ্চলিক বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ দাস আৰু শিমলীতোলা খণ্ড বন বিষয়া কনক চন্দ্ৰ ডেকাৰ তৎপৰতাত বন বিভাগে জব্দ কৰে মুঠ ১৫০ শাল, চেগুন গছৰ কুণ্ডা। জলজলী নৈৰ পানীত লুকুৱাই ৰখা অবৈধ এই কুণ্ডাবোৰ বুধবাৰৰ দুপৰীয়া জব্দ কৰে বন বিভাগৰ লোকে, গোপন খবৰৰ ভিত্তিত এই অভিযান চলা বুলি উল্লেখ কৰি জব্দকৃত কুণ্ডাসমূহৰ মুল্য প্ৰায় দহ লাখ টকা হ’ব বুলিও জনায় বনাঞ্চলিক বিষয়াগৰাকীয়ে। প্ৰথমে কুণ্ডাসমূহ নাৱেৰে বামলৈ আৰু পাছলৈ ট্ৰেক্টৰৰ সহায়ত খণ্ড বন কাৰ্যালয়লৈ নিয়াৰ দিহা কৰা হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like