নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৫ মে’ : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে অভিযান বৃহৎ পৰিমাণৰ ড্ৰাগছসহ মহিলাসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট থানাৰ অধীনস্থ টেঙাগুৰি বজাৰৰ আবুল বাশ্বাৰৰ গৃহত যোৱানিশা গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান। আৰক্ষীৰ উমান পাই আবুল বাশ্বাৰ পলায়ন কৰে যদিও তেওঁৰ পত্নী আৰু তিনি পুত্ৰক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ বাবে আৰক্ষীয়ে কৰায়ত্ত কৰে। আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে জিন্নাত আলী ওৰফে ঝিনুক, সেক আহমেদ, মিনহাজুল হক আৰু মুৰশ্বিদা খাতুন। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা ড্ৰাগছ ভৰ্তি ৯৮ টা কণ্টেইনাৰ,১৬ টা কফ ছিৰাফৰ লগতে দুটাকৈ বাইক জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, আবুল বাশ্বাৰৰ পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি টেঙাগুৰি অঞ্চলটোত চলাই আহিছিল অবৈধ ড্ৰাগছ আৰু কফ চিৰাপৰ ব্যৱসায়। স্থানীয় ৰাইজে আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপক আদৰণি জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like