নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ মে’ৰ পৰা হায়দৰাবাদ-গুৱাহাটী-ডিব্ৰুগড় বিমান সেৱা ইণ্ডিগ’ৰ

বিশেষ বাৰ্তা, ১৫ মে’ : দেশৰ ব্যক্তিগত খণ্ডৰ বিমান সেৱা ইণ্ডিগ’ই দৈনিক হায়দৰাবাদৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ পোনপটীয়া বিমান সেৱা অহা ২০ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰিছে আৰু একেখন বিমান গুৱাহাটী হৈ পুনৰ হায়দৰাবাদলৈ উভতি যাব। ইণ্ডিগ’ই সদৰী কৰা অনুসৰি বিমান নং ৬ ই-৯৭২ হায়দৰাবাদৰ পৰা পুৱা ০৯:১০ বজাত উৰণ আৰম্ভ কৰি দিনৰ ১১:৪০ বজাত গুৱাহাটীত উপস্থিত হব। গুৱাহাটীৰ পৰা দিনৰ ১ বজাত উৰণ আৰম্ভ কৰি ডিব্ৰুগড়ত দুপৰীয়া ১:৫৫ বজাত অৱতৰণ কৰিব। সেইদৰে ইণ্ডিগ’ বিমান নং ৬ ই-১৮৭ ডিব্ৰুগড়ৰ পৰা বিয়লি ২:৩০ বজাত উৰণ আৰম্ভ কৰি গুৱাহাটীত ৩:২৫ বজাত অৱতৰণ কৰি পুনৰ গুৱাহাটীৰ পৰা ৪:৫০ বজাত উৰণ আৰম্ভ কৰি সন্ধ্যা ৭:৩৫ বজাত অৱতৰণ কৰিব।

প্ৰেৰক বিভাস দুৱৰা

You might also like