নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত মেধাৱী শিক্ষাৰ্থীক স্কুটী, নগদ ধন, চাইকেল প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : অসম চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত আজি তিনিচুকীয়া জিলাৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা আৰু ড: বাণীকান্ত কাকতি বঁটা প্ৰদানৰ লগতে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তিনিচুকীয়াৰ বৰগুৰিত থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ নৱ নিযুক্ত শ্ৰম তথা চাহ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, আগতে চাইকেল এখন পোৱাটোৱেই বহুতৰে সপোন আছিল। এতিয়া চৰকাৰে নৱম শ্ৰেণীৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে বিনামূলীয়াকৈ চাইকেল দিয়াৰ উপৰি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱাসকলক স্কুটী দিয়াৰ ব্যৱস্থা কৰিছে। ইয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক ক্ষেত্ৰত প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰি এটা সুস্থ বাতাবৰণ গঢ়ি তোলাত যথেষ্ট সহায় কৰিছে বুলি উল্লেখ কৰি তাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। সভাত শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাও চমু ভাষণেৰে ছাত্ৰ-ছাত্ৰী সকলক নিজৰ লক্ষ্যত একান্ত চিত্তে অগ্ৰসৰ হ’বলৈ আহ্বান জনায়। জিলা আয়ুক্ত স্বপ্নীল পালে তেওঁৰ ভাষণত কয় যে, এই বঁটাৰ আৰ্থিক মূল্যতকৈ ইয়াৰ সামাজিক, আবেগিক আৰু বৌদ্ধিক মূল্য বহুত বেছি। অসম চৰকাৰে প্ৰদান কৰা এই উপহাৰবোৰে প্ৰজন্মৰ পিছত প্ৰজন্মলৈকে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগাই আহিব বুলি তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণীতে দিয়া আদৰণি ভাষণত অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইনে কয় যে, তিনিচুকীয়া জিলাৰ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ বা তাতোধিক নম্বৰেৰে উৰ্ত্তীণ হোৱা ৬০৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা হিচাপে নগদ ১২,৫০০ টকা লাভ কৰিছে। এই ধনৰাশি প্ৰতিজনৰ বেংক একাইন্টত পোনপটীয়া কৈ জমা দিয়া হ’ব। আনহাতে যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬৫ শতাংশ বা তাতোধিক নম্বৰেৰে উৰ্ত্তীণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰেৰে উৰ্ত্তীণ হোৱা ছাত্ৰৰ মুঠ ১৭৪২ জনে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটী লাভ কৰিব। তদুপৰি চৰকাৰী বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ১০১৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীকো এইবাৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰিবলৈ লোৱা হৈছে। সভাত মন্ত্ৰী গোৱালাই কেইগৰাকীমান হিতাধিকাৰী শিক্ষাৰ্থীৰ মাজত স্কুটী, চাইকেল আৰু চেক বিতৰণ কৰি আনুষ্ঠানিক ভাৱে এই আঁচনি কেইখনৰ জিলাখনত শুভ উদ্বোধন কৰে। বাকীসকলৰ বাবে চাইকেল সমূহ বিদ্যালয় বিদ্যালয়ে যোগান ধৰা হ’ব আৰু স্কুটীৰ বাবে তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয় আৰু তিনিচুকীয়া মহাবিদ্যালয়ত নথি পৰীক্ষা কৰাৰ পিছত ডীলাৰৰ তৰফৰ পৰা যোগান ধৰা হ’ব বুলি সভাত ঘোষণা কৰা হয়। ঘোষণা কৰা মতে এইবাৰ কেৱল অসমৰ স্থায়ী বাসিন্দা আৰু অসমৰ যিকোনো মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়েহে স্কুটী লাভ কৰিব বুলি স্পষ্ট কৰি দিয়া হয়। বিপ্লবী গগৈয়ে আঁতধৰা সভাখনত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, মৰান স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণ মৰান, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাসৰ উপৰি তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, মাকুম আদি পৌৰসভাৰ সভাপতিসকলো উপস্থিত থাকে।

প্ৰেৰক বিবেক বড়া

You might also like