নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰেভেল এজেঞ্চীৰ ধন সৰকাই ধুবুৰী আৰক্ষীৰ জালত তিনি চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : ধুবুৰীৰ এটা ট্ৰেভেল এজেঞ্চীৰ অনলাইন ৱালেটৰ পৰা ধন সৰকাই বিমানৰ টিকট ক্ৰয় কৰি তিনি যুৱক আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শুভম প্ৰসাদ নামৰ ব্যৱসায়ী এগৰাকীয়ে নিজৰ ধুবুৰীৰ এটা ট্ৰেভেল এজেঞ্চীৰ স্বত্বাধিকাৰী অনলাইন ৱালেটৰ পৰা ধন সৰকাই তিনিগৰাকী লোকে বিমানৰ টিকট ক্ৰয় কৰাৰ বিষয়টো দৃষ্টিগোচৰ হৈছিল আৰু বিষয়টো লৈ দ্বাৰস্থ হৈছিল ধুবুৰী আৰক্ষীৰ। ভুক্তভোগী ব্যৱসায়ীগৰাকীৰ অভিযোগৰ ভিত্তিত ধুবুৰী সদৰ থানাত ৩৭৬/২৩ নম্বৰত এক গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। জানিব পৰা মতে, প্ৰসাদে দিয়া তথ্যৰ ভিত্তিত বহিঃৰাজ্যৰ পৰা বিমানেৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছমুহূৰ্ততে পূৰ্বৰ পৰা খাপ পিটি থকা ধুবুৰী আৰক্ষীৰ এটি দলে আটক কৰে তিনিওকে। ঢেকীয়াজুলিৰ সন্দীপ পাৰিক, ইবনে আলম খান আৰু ওদালগুৰিৰ অমৰজিৎ মদক নামৰ যুৱক তিনিগৰাকীক বৰঝাৰৰ পৰা কালি পুৱা ধুবুৰী সদৰ থানালৈ আনি জেলা চলোৱাৰ অন্তত ধুবুৰীৰ সেই ট্ৰেভেল এজেঞ্চীৰ ৱালেটৰ পৰা ধন সৰকোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওকে। কালিয়েই আদালতত হাজিৰ কৰাই তিনিওকে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like