নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত চুলাই পানঃ সোণাৰিত মহিলাসহ তিনিজনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ বিষাক্ত চুলাই পান কৰাৰ ফলত চৰাইদেউ জিলাৰ সোণাৰিৰ নিকটৱর্তী নাফুক দলৈগাঁৱত কৰুণ মৃত্যুক সাবটি ল’ল মহিলাসহ তিনিজনকৈ লোকে৷ তদুপৰি আন কেইবাজনো গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ এই মর্মান্তিক তথা চাঞ্চল্যকৰ ঘটনাৰ বাবে সম্প্রতি গাঁওখনত আতংক সৃষ্টি হৈছে৷ জানিব পৰা মতে, যোৱা আঠ ডিচেম্বৰৰ নিশা গাঁওখনৰ বাসিন্দা মিথুন নায়কৰ পত্নী ৰেণু নায়ক (৩০)ৰ আকস্মিকভাৱে মৃত্যু হয়৷ মহিলাগৰাকীয়ে সেই দিনা সন্ধিয়া চুলাই মদ পান কৰিছিল৷ চুলাই পান কৰাৰ পাছতে তেওঁ হঠাৎ অসুস্থ হৈ পৰে আৰু বিনাচিকিৎসাই মহিলাগৰাকীৰ মৃত্যু হয়৷ আনহাতে, যোৱা ৯ ডিচেম্বৰৰ সন্ধিয়া গাঁওখনৰ দুই ভাতৃৰ অনুৰূপ ধৰণে মৃত্যু হয়৷

প্রাপ্ত তথ্য অনুসৰি, দুই ভাতৃ তালেন নায়ক (৫৫) আৰু তাৰাপ্রসাদ নায়কে (৪৮) উক্ত দিনা সন্ধিয়া চুলাই মদ পান কৰে৷ চুলাই পান কৰাৰ পাছতে সন্ধিয়া প্রায় ৬ বজাত কনিষ্ঠ ভাতৃ তাৰাপ্রসাদ অসুস্থ হৈ পৰে আৰু চিকিৎসকৰ কাষলৈ নিয়াৰ পূর্বেই তেওঁৰ মৃত্যু হয়৷ আনহাতে, নিশা প্রায় আঠ বজাত জ্যেষ্ঠ ভাতৃও হঠাৎ মাটিত ঢ়লি পৰে আৰু লগে লগে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ এই ঘটনাত স্বাভাৱিকতে গাঁওবাসী ভীতিগ্রস্ত হৈ পৰে৷ কালি বিয়লি থুকু ভূমিজ (৪৫) নামৰ লোকজনে পথাৰৰ পৰা ধান আনি থকা অৱস্থাতে হঠাৎ মাটিত ঢ়লি পৰে৷ লগে লগে ভূমিজক সংকটজনক অৱস্থাত চৰাইদেউ অসামৰিক চিকিৎসায়ত ভর্তি কৰোৱা হয়৷ পৰিয়ালৰ সূত্রই জনোৱা মতে, ভূমিজে পথাৰতে চুলাই সেৱন কৰিছিল৷ আনহাতে, গাঁওখনৰ আন কেইবাজনো লোকে চুলাই পান কৰাৰ পাছত অসুস্থ হৈ চিকিৎসাধীন হোৱাৰ পৰিৱর্তে ঘৰতে থকা বুলি এক সূত্রই জনাইছে৷

You might also like