নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীত প্রদান কৰা হ’ব এক লাখ মাটিৰ পট্টা: মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ তিতাবৰৰ বজালবাৰী অঞ্চলত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে নির্মাণ কৰা ঠেঙাল সাংস্কৃতিক কেন্দ্র আৰু সংগ্রহালয় আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ৭.৫০ কোটি টকা ব্যয়সাপেক্ষ অত্যাধুনিক সংগ্রহালয় উদ্বোধন কৰি ৰাজহুৱা সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ সভাত আদৰণী ভাষণ দি ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য কুমুদ কছাৰীয়ে সকলোকে আদৰণি জনাই উল্লেখ কৰে যে ঠেঙাল জনগোষ্ঠীৰ সাংস্কৃতিক উত্তৰণ আৰু বিকাশক মূল আহিলা হিচাপে লৈ গঢ় দিয়া এই সংগ্রহালয়টোৱে অকল তিতাবৰৰ নহয়, সমগ্র অসমীয়া মানুহৰ সম্পদ ৰূপে চিহ্ণিত হ’ব৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক তিতাবৰত নির্মাণ হৈ থকা আই টি আই প্রতিষ্ঠান, ৰেচম মহাবিদ্যালয়, ডি আই কার্যালয় আৰু জ্যেষ্ঠ নাগৰিক সন্থাৰ ভৱন নির্মাণ আৰু মুকলি কৰিবলৈ তিতাবৰীয়া ৰাইজৰ হৈ অনুৰোধ জনায়৷ আটক ধুনীয়াকৈ নির্মাণ কৰা সাংস্কৃতিক সংগ্রহালয়টোৰ ভিতৰত বহুকেইখন বিপণী, বহু আর্হিমূলক ঢেঁকীশাল, বাটচ’ৰা, কৃষি সামগ্রী, পাকঘৰ, চ’ৰাঘৰ, ওমলা ঘৰ, গোহালি, ভঁৰাল আদিৰে এক সুন্দৰ জনজীৱনৰ আর্হি নির্মাণ কৰিছে৷ স্বাভাৱিকতে এই সংগ্রহালয়টোৱে পর্যটকৰ দৃষ্টি আকর্ষণ কৰিব৷ আজিৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে উল্লেখ কৰে– এটা জাতি সুন্দৰভাৱে বসবাস কৰিবলৈ আটাইতকৈ প্রয়োজনীয় বস্তুটো নিজে বাস কৰা মাটিখিনি আৰু আমি তাকে কৰিবলৈ গৈ ইতিমধ্যে এক লাখতকৈও অধিক মাটিৰ পট্টা প্রদান কৰিছোঁ আৰু অহা জানুৱাৰীত আৰু এক লাখ প্রদান কৰিম৷

সেইদৰে শিক্ষাৰ ক্ষেত্রত গ্রহণ কৰা বিনামূলীয়া আঁচনিসমূহৰ কথা উল্লেখ কৰি কয়– এটা জাতি সম্পূর্ণ সুৰক্ষিত হ’বলৈ শিক্ষা অপৰিহার্য, শিক্ষা অবিহনে এটা জাতি আগুৱাই যাব নোৱাৰে৷ তেওঁ শিক্ষক–শিক্ষয়িত্রী আৰু পিতৃমাতৃসকলক নিজৰ সন্তানক শিক্ষাৰ ক্ষেত্রত আগুৱাই নিবলৈ সর্বতোপ্রকাৰৰ চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ সভাত মুখ্যমন্ত্রীগৰাকীয়ে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু তিতাবৰৰ একালৰ বিধায়ক গিৰিধৰ ঠেঙালক শ্রদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে তিতাবৰৰ প্রথম ভাৰতীয় প্রশাসনিক বিষয়া অশোক শইকীয়া আৰু সমাজকর্মী চক্রেশ্বৰ শইকীয়াকো স্মৰণ কৰে৷

You might also like