নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ সুৰাৰ বিৰুদ্ধে তিনিচুকীয়া আবকাৰীৰ অভিযানত ৪৫ লিটাৰ চুলাই মদ নষ্ট

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ: বাণিজ্যিক চহৰ তিনিচুকীয়াৰ বজাৰত সহজলভ্য সন্দেহজনক লালিগুড়ক কেন্দ্ৰ কৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে গঢ় লৈ উঠিছে চুলাইমদৰ ভাটি। আজি তিনিচুকীয়া সদৰ আবকাৰী পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত যোৱা আবকাৰী, চিআৰপিএফ, সশস্ত্ৰ আৰক্ষী আৰু তিনিচুকীয়া সংৰক্ষিত আৰক্ষী বাহিনীৰ মহিলা আৰক্ষীৰ এটি দলে বাৰেকুৰিৰ বৰগাঁও আৰু বৰডুবি থানা এলেকাৰ কুৱঁৰী পথাৰ গাঁৱৰ মুঠ সাতটা স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদ আৰু চুলাই প্ৰস্তুত কৰা গেলাপাছ নষ্ট কৰে। অভিযানকালত দলটোৱে প্ৰায় ৪৫ লিটাৰ চুলাই মদ আৰু প্ৰায় ৫৪০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলাপাছৰ লগতে সুৰা প্ৰস্তুতত ব্যৱহৃত ভালেসংখ্যক সা-সৰঞ্জাম কাটি-ভাঙি নষ্ট কৰে বুলি বিভাগটোৱে এক বিবৃতিত সদৰি কৰে ।

প্ৰেৰক বিবেক বড়া

You might also like