নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত উদুলি-মুদুলি পৰিৱেশ

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ মৰিয়নি প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ সামৰনী অনুষ্ঠানৰ আজি তৃতীয় দিনা একাধিক অনুষ্ঠান অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰী, ৰাইজৰ উপস্থিতিৰে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ শৈক্ষিক সমন্বয় ক্ষেত্ৰ আৰু গ্ৰন্থমেলাত উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হয়। আজি পুৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাতৰি পঠন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অসীম গগৈয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী মুকলি কৰাৰ অন্তত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে, সন্ধিয়া ছাত্ৰ ছাত্ৰীৰ মাজত আকৰ্ষণীয় জাতীয় সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মানৱী গগৈয়ে এই প্ৰতিযোগিতা উদ্বোধন কৰে। এই প্ৰতিযোগিতাত ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইফালে, কালি ৰাতি ‘কবিতাৰ অনুষ্ঠান’ শীৰ্ষক এক মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয়। জনপ্ৰিয় যুৱ কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক- বৰ্তমানৰ উপ-সভাপতি উজ্জ্বল পাওগামে সঞ্চালনা কৰা কবিতাৰ অনুষ্ঠানত অসমৰ একুৰিৰো অধিক কবিয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিবেশ জীপাল কৰি তোলে। কবিতাৰ অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ, বিশিষ্ট সাহিত্যি সমালোচক ড° মানিক শইকীয়াই । অনুষ্ঠানটো উদ্বোধন কৰি তেওঁ কয়- ‘কবিসকল সমাজৰ দ্ৰষ্টা আৰু স্ৰষ্টা। কবিসকলে দূৰলৈকে দেখে। দূৰলৈকে দেখাৰ বাবেই তেওঁলোকক দ্ৰষ্টা বুলি কোৱা হয়। কবিসকলে দূৰলৈকে দেখাৰ লগতে বিষয়বোৰ বুকুৰে উপলব্ধি কৰি ৰাইজৰ আগত ডাঙি ধৰিব খোজে ।’ অনুষ্ঠানটোত তেওঁ এটি কবিতা পাঠ কৰি সকলোকে মুগ্ধ কৰে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক, কবি, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ আৰু বিশিষ্ট কবি আবৃত্তিকাৰ, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি ৰাজুমনি বেজবৰুৱাই অংশগ্ৰহণ কৰে। আনহাতে আমন্ত্ৰিত কবি হিচাপে অংশগ্ৰহণ কৰি গোলাঘাটৰ দিগন্ত শইকীয়া, তিতাবৰৰ পৰাগজ্যোতি মহন্ত, মুকুল শইকীয়া, সুৰ্য্যকমল বণিয়া আৰু বিনয় শইকীয়া, যোৰহাটৰ ৰঞ্জিত গগৈ, দীপাংকৰ বৰা, ইন্দিৰা পাওগাম গগৈ, জিনতু ফুকন, মনোজ্ঞপ্ৰাণ বৰদলৈ, নকছাৰীৰ প্ৰদীপ গগৈ, প্ৰনৱ গগৈ আৰু জোনমনি গগৈ, ডাঃ মনোমোহন গগৈ, মৰিয়নিৰ প্ৰিতম কুমাৰ শইকীয়া আৰু জয়দ্বীপ বুঢ়াগোঁ‌হাই, শিৱসাগৰৰ সত্যজিত নাথ আদিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মৰিয়নিত কবিতাৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে অংশগ্ৰহণকাৰী কবিসকলে মৰিয়নি প্ৰেছ ক্লাৱৰ শলাগ লোৱাৰ লগতে এইয়া এক আৰম্ভণী বুলি উল্লেখ কৰি মৰিয়নিত কবিতাৰ চৰ্চা অব্যাহত ৰাখিবলৈ নতুন কবিসকলৰ প্ৰতি তেওঁলোকে আহ্বান জনায়। ইয়াৰ পূৰ্বে দিনৰ ভাগত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা মুকলি কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী, লোককৃষ্টিৰ সাধক, শিক্ষাবিদ নগেন গগৈয়ে । দিহানাম প্ৰতিযোগিতাত গোলাঘাটৰ দশমী দিহানাম দলে প্ৰথম স্থান দখল কৰে। আনহাতে, তিতাবৰৰ মহিলা সাংস্কৃতিক চ’ৰাই দ্বিতীয় আৰু যুটীয়াভাৱে তৃতীয় স্থান দখল কৰে মৰিয়নিৰ কল্পতৰু কৃষ্টি কানন আৰু তিতাবৰৰ বৃন্দাৱন দিহানাম দলে। ইয়াৰ পূৰ্বে ছাত্ৰ ছাত্ৰীৰ মাজত বাতৰি লিখন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ পাঁ‌চদিনীয়া কাৰ্য্যসূচীৰ চতুৰ্থ দিনা ছাত্ৰ ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অসীম বৰগোঁ‌হায়ে এই প্ৰতিযোগিতা উদ্বোধন কৰিব। বিয়লি বঁ‌টা বিতৰণী অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব। ৰাতি সাংবাদিকৰ আড্ডা শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হ’ব। সমূহ কাৰ্য্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদযাপন সমিতিৰ সভাপতি দীপক দত্ত, সম্পাদকদ্বয় প্ৰাঞ্জল পাওগাম আৰু জ্যোতিপ্ৰসাদ গগৈয়ে কামনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like