মিছন বসুন্ধৰা : তিতাবৰৰ ৰজাবাহৰ গাঁও পঞ্চায়তত বিশেষ ৰাজহ আদালত সম্পন্ন
কেইবা শতাধিক ৰাইজৰ ৰাজহ সমস্যা সমাধান
নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : মিছন বসুন্ধৰাৰ যোগেদি অসম চৰকাৰে ৰাইজৰ ৰাজহ সম্পৰ্কীয় বিভিন্ন সমস্যা তৎকালে দূৰ কৰাৰ আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেয়ে আজি তিতাবৰ ৰাজহ চক্ৰ কৰ্যালয়ৰ উদ্যোগত মিছন বসুন্ধৰাৰ উপলক্ষে মহকুমাটোৰ ৰজাবাহৰ গাঁও পঞ্চায়তত বিশেষ ৰাজহ আদালত সম্পন্ন হয়। ৰজাবাহৰৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজৰ মাটি-বাৰী সম্পৰ্কীয় বিভিন্ন কাম-কাজ সমাধানৰ চেষ্টা কৰে। কাৰ্যসূচীত তিতাবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ কেইবাজনো মণ্ডল, কাননগোৰ লগতে স্থানীয় গাঁওবুঢ়া সকল উপস্থিত থাকি পঞ্চায়তটোৰ কেইবাশতাধিক ৰাইজক ৰাজহ সম্পৰ্কীয় কাম কাজত সহযোগিতা আগবঢ়ায়। তিতাবৰ ৰাজহ চক্ৰ কাৰ্যালয়ে গ্ৰহণ কৰা এনে পদক্ষেপ পঞ্চায়টোৰ ৰাইজক যথেষ্ট উপকৃত কৰে বুলি জানিবলৈ দিছে ৰজাবাহৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন শইকীয়াই।