নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত বৃদ্ধৰ নিৰ্বিচাৰ গুলীচালনা, আহত ৬

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ গোৱালপাৰা চহৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। মাধু ৰায় নামৰ এগৰাকী ৭০ বছৰীয়া লোকৰ গুলীচালনাত আহত হৈছে ছগৰাকীকৈ লোক। এই লোককেইগৰাকী হৈছে স্বপন দাস, ৰঞ্জিত দাস, দীপাংকৰ দাস, বিংকু দাস, মাইনা দাস আৰু মফিদুল শ্বেখ।

আহত আটাইকেইজনক স্থানীয় চলেছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে গুলীচালনাৰ খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মাধু ৰায়ক গ্ৰেপ্তাৰ কৰিছে। নিজ বাসগৃহৰ পৰা মাধু ৰায়ে এই নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰে।

কি কাৰণত এনে লোমহৰ্ষক হিংসাত্মক ঘটনা সংঘটিত কৰা হ’ল, সেয়া বাতৰি লিখা পৰলৈ জানিব পৰা হোৱা নাই।

You might also like