নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীত টিএমপিকেৰ সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী, সমিতি গঠন

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ আগন্তুক জানুৱাৰী জোনাইত অনুষ্ঠিত হ’ব টি এম পি কেৰ সোণালী জয়ন্তী। অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন কৰা উদ্দেশ্যে আজি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। প্ৰাক্তন টি এম পি কেৰ সভাপতি নৰেশ কুম্বাঙে উদ্দেশ্য ব্যাখ্যা কৰা ৰাজহুৱা সভাখনৰ সভাপতিত্ব কৰে টিএমপিকেৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকে৷

মিচিং বাঃনে কৌবাঙৰ সভাপতি তথা মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া, বিধায়ক ভুবন পেগু, জোনাইৰ বুদ্ধিজীৱী, সমাজকৰ্মী, ছাত্ৰ নেতা, দল-সংগঠনৰ লগতে সমূহ জোনাইবাসী ৰাইজ উপস্থিতি থকা আজিৰ ৰাজহুৱা সভাতে আগন্তুক জানুৱাৰীত হ’ব লগা টি এম পি কেৰ সোণালী জয়ন্তীৰ এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷

সমিতিখনত মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকক সভাপতি , মিচিং স্বায়ত্ত পৰিষদৰ সাধাৰণ সদস্য নৰেশ কুম্বাঙক সম্পাদক, কাৰমুক পেগু, মহেশ পেগু, খগেশ্বৰ পেগু, দেৱ পেগু, সুনীত দলেক উপ-সভাপতি, পদ্মেশ্বৰ দলে, হৰেন চাৰহ আৰু বলিন পেগুক যুটিয়া সম্পাদক হিচাপে লৈ ১০০ জনীয়া এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে৷

উল্লেখ্য যে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন ১৯৭১ চনত জন্ম লাভ কৰা সদৌ মিচিং ছাত্ৰ সন্থা ( টিএমপিকে)ই সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। সংগঠনটোৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বছৰজোৰাকৈ উৎযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি জোনাই, ঢকুৱাখানা, মাজুলী, চিলাপথাৰ আৰু গোগামুখত পৰ্যায় ক্ৰমে অনুষ্ঠিত কৰা হ’ব৷

You might also like