নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ বজাৰ মেলা চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু, অভিযুক্তৰ আত্মগোপন

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ অসম মেডিকেল কলেজৰ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে চাকৰিৰ বিনিময়ত টকা লোৱাৰ অভিযোগ উঠাৰ পিছতে আত্মগোপন কৰিছে অভিযুক্তই। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে উঠা অভিযোগ মতে, তেওঁ ৰে’লৱেত চাকৰি দিয়াৰ নামত ৩ যুৱকৰ পৰা প্ৰায় ২২ লাখ টকা লৈছিল।

এই সন্দৰ্ভত আজি ৰুজু কৰা হয় গোচৰ। এজন ভুক্তভোগী যুৱকৰ পিতৃ অমল নাথে ডিব্ৰুগড় সদৰ থানাত ৰুজু কৰা গোচৰ মতে মন্ত্ৰী তথা ৰাজনৈতিক নেতাৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল জ্যেষ্ঠ চিকিতসকগৰাকীয়ে। আজি দুদিন ধৰি অসম মেডিকেল কলেজত অনুপস্থিত থকা বুলি জানিবলৈ দি মেডিকেল কৰ্তৃপক্ষই কয় যে সেয়া চিকিৎসকগৰাকীৰ ব্যক্তিগত বিষয় আৰু ইয়াৰ লগত AMCHৰ কোনো সম্পৰ্ক নাই।

আনহাতে ডিব্ৰুগড়ৰ আৰক্ষী বিষয়াই উল্লেখ কৰে যে ৰুজু হোৱা গোচৰৰ লগতে গুচৰীয়াই বিভিন্ন তথ্য-প্ৰমাণ দাখিল কৰিছে, সেইবোৰ বিচাৰ কৰি সত্যাসত্য নিৰ্ণয় কৰা হ’ব। উল্লেখ্য কালি এগৰাকী ভুক্তভোগী লোকে ডাঃ অজন্তা হাজৰিকাই চাকৰিৰ নামত ধন লৈ ৪ বছৰে চাকৰি নিদিয়াৰ লগতে ধনো ঘূৰাই নিদিয়া বুলি সাংবাদিকৰ আগত অভিযোগ দাখিল কৰিছিল।

এই সন্দৰ্ভত এক অডিঅ’ ক্লিপো ইতিমধ্যে ভাইৰেল হৈ পৰিছিল, য’ত ঘোচ দিয়া এগৰাকী পুৰুষ আৰু ঘোচ লোৱা এগৰাকী মহিলাৰ কণ্ঠস্বৰ শুনা গৈছিল। কথোপথনত স্পষ্ট হৈছিল ধন লেনদেনৰ বিষয়টো। কিন্তু এই কণ্ঠৰ নেপথ্যত কোন আছে সেয়া স্পষ্ট নহয় যদিও কণ্ঠস্বৰ পৰীক্ষা কৰিলে আচল সত্য ওলাই পৰাৰ সম্ভাৱনা আছে। অৱশ্যে কালি জ্যেষ্ঠ চিকিতসক অজন্তা হাজৰিকাই ধন লোৱাৰ অভিযোগ নাকচ কৰিছিল যদিও আজি তেওঁ আত্মগোপন কৰা বুলি জানিব পৰা গৈছে।

You might also like