নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ‘গ্ৰন্থ অধ্যয়ন দিৱস’ ৰূপে পালন বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিন

 নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ আজি বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিন। এই উপলক্ষে লখিমপুৰৰ মংগলবোধ জাগৰণ কেন্দ্ৰই অসমৰ যশস্বী সাহিত্যিকগৰাকীৰ জন্মদিনটো ‘গ্ৰন্থ অধ্যয়ন দিৱস’ হিচাবে প্ৰথমবাৰৰ বাবে পালন কৰে।

এই দিৱসত প্ৰাৰম্ভিক বছৰৰ বিষয়বস্তু আছিল ‘ অনুভৱ’ । সভাত হোমেন বৰগোহাঞিৰ সাহিত্য সৃষ্টিৰ আঁৰত লুকাই থকা প্ৰতিভা আৰু অনুভৱ-উপলব্ধি আদি সকলো দিশ সামৰি বিশদ আলোচনা কৰা হয়।

গ্ৰন্থ অধ্যয়ন দিৱসত মংগলবোধ জাগৰণ কেন্দ্ৰৰ সঞ্চালক জিতেন বৰুৱা, বিশিষ্ট পৰিৱেশ লেখক নাৰায়ণ বৰুৱা, ভৰত ৰাজখোৱা, পংকজ সভাপণ্ডিত, নৃপেন ফুকন, সঞ্জীৱ উপাধ্যায়, সৌৰভ বৰুৱা, প্ৰশান্ত মোদককে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত সকলোৱে অহা বছৰৰ পৰা অসমৰ সকলো ঠাইতে ৭ ডিচেম্বৰৰ দিনটো গ্ৰন্থ অধ্যয়ন দিৱস হিচাপে পালন কৰাৰ বাবে অসমবাসীলৈ আহ্বান জনায়।

You might also like