নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ এপ্রিল, চ’ত মাহৰ ২২ তাৰিখ
শুকুৰবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ

মেষ : এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটোত সেউজীয়া কাপোৰ পৰিধান কৰক৷ চুটি ভ্রমণ হ’ব পাৰে৷ শৰীৰৰ প্রতি যত্ন ৰাখিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

বৃষ : এই ৰাশিৰ জাতক–জাতিকাৰ উন্নতিৰ যোগ আছে৷ আর্থিকত ভাল৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ প্রেমত মধ্যম৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

মিথুন : এই ৰাশিৰ জাতক–জাতিকাৰ আজিৰ দিনটোত কর্মক্ষেত্রত নিজৰ আধিপত্য বজাই ৰখাত কৃতকার্য হ’ব৷ ব্যৱসায়ত ভালেই দেখা যায়৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷

কর্কট : স্ত্রীৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে৷ আর্থিকত ভাল৷ বিশেষ কোনো কর্মৰ কাৰণে দূৰ ভ্রমণ কৰিবলগীয়া হ’ব পাৰে৷ বিদ্যার্থীৰ কাৰণে দিনটো শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

সিংহ : এই ৰাশিৰ জাতক–জাতিকাৰ কোনো কর্মৰ কাৰণে যাত্রা কৰিলে শুভ ফল পাব৷ খৰচৰ ক্ষেত্রত সতর্ক৷ প্রেম–প্রীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৩৷

কন্যা : আর্থিক ক্ষেত্রত লেনদেন কৰাত সতর্ক হ’ব৷ কোনো মূল্যৱান বস্তু চুৰি হ’ব পাৰে৷ মূৰৰ বিষ আৰু চকুৰ বেমাৰে কষ্ট দিব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

তুলা : আজিৰ দিনটোৰ প্রথম আৰম্ভণিতে গা ধোৱাৰ পিছত ৰঙা কাপোৰ পৰিধান কৰি ওঁম হ্রীং হ্রীং হ্রীং সূর্যায় নমঃ- এই মন্ত্রটি ২০বাৰ জপ কৰিব৷ প্রেমত হতাশা আহিব৷ দাম্পত্যত সুখ, শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৯৷

বৃশ্চিক : প্রেম–প্রীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ আজি নিৰামিষ খাব আৰু টেঙা নাখাব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ১৷

ধনু : অবৈধ উপায়েৰে ধন বৃদ্ধি৷ সন্তানৰ শুভ৷ ব্যৱসায়ত ভাল ফল পাব৷ শিল্পী–সাহিত্যিকৰ বাবে শুভ সময়৷ ৯বাৰ দেৱী বগলামুখীৰ নাম জপ কৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৭৷

মকৰ : জাতক–জাতিকাই হালধীয়া কাপোৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা–অর্চনা কৰিব৷ প্রেমত শুভ৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

কুম্ভ : ব্যৱসায় মন্থৰ গতিত চলিব৷ দাম্পত্য আৰু প্রেমত শুভ৷ ব্যৱসায়ত উন্নতি হোৱাৰ কাৰকতা আছে৷ মাটি–বাৰীৰ বিবাদৰ অন্ত পৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

মীন : এই ৰাশিৰ জাতক–জাতিকাৰ আজিৰ দিনটোত আয় হ’ব, কিন্তু ব্যয়ত আপোনাৰ সন্তানৰ মানসিক বিকাশৰ লক্ষণে দেখা দিব৷ বিদ্যার্থীৰ বাবেও দিনটো শুভ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷

You might also like