নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল
আজি ১ অক্টোবৰ, আহিন মাহৰ ১৪ তাৰিখ
শনিবাৰ, তিথি– শুক্লা ষষ্ঠী, নক্ষত্র, জ্যেষ্ঠা৷ যাত্রা, শুভ৷

মেষঃ ব্যৱসায়ত লাভৰ মাত্রা বৃদ্ধি পাব৷ স্বাস্থ্য সম্পর্কে সাৱধান হ’ব৷ অধ্যয়নত মনোনিৱেশ কৰা বাঞ্চনীয়৷ বিয়া বাৰুৰ কথাত আগনবঢ়াই ভাল৷

বৃষঃ পৈতৃক সম্পত্তি সম্পর্কীয় কথাই মনত আনন্দ দিব৷ চাকৰিত সাফল্য লাভৰ যোগ৷ প্রেমত সাৱধান হ’ব৷ স্বাস্থ্য মধ্যমীয়া৷

মিথুনঃ মানসিক অশান্তি ভূগিব পাৰে৷ বিবাহত সমস্যাৰ সন্মুখীন হ’ব৷ কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক৷ চাকৰিয়ালৰ শুভ৷

কর্কটঃ অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা৷ প্রেমত নতুন প্রস্তাৱ আহিব৷ অধ্যয়নত নিৰোৎসাহ হোৱাৰ যোগ৷

সিংহঃ পুৰণি ৰোগৰ উপশম হ’ব৷ ব্যৱসায় ভিত্তিক উত্থান পতনে আর্থিক লাভৰ ক্ষেত্রত প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ প্রেমত আনন্দ৷ বিদ্যাত সাফল্য৷

কন্যাঃ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পঢ়া–শুনাত চেষ্টা অব্যাহত ৰাখত৷ পিতৃ–মাতৃৰ প্রতি দায়িত্ব বাঢ়িব৷

তুলাঃ মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব৷ সন্তানৰ ভালেই যাব৷ ছাত্র–ছাত্রীসকলৰ বাবে দিনটো শুভ৷ মনোবল ৰাখিব৷

বৃশ্চিকঃ সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱাম্বিত কৰিব৷ কর্মক্ষেত্রত সৰু সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ ঘৰুৱা শুভ৷ প্রেমত বাধা৷

ধনুঃ বেপাৰ বাণিজ্যত জড়িতসকলৰ সৰু সুৰা বাধা আহিব৷ কাম–কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ বিদ্যাত জটিলতা প্রেমত আনন্দ প্রাপ্তি৷

মকৰঃ চাকৰিৰ ক্ষেত্রত সতর্ক হৈ চলা ভাল৷ আর্থিক দিশত উন্নতি লাভ কৰিব৷ বিবাহৰ যোগাযোগ৷ প্রেমত মধ্যম৷

কুম্ভঃ চাকৰিত সাফল্য লাভৰ যোগ৷ বিদ্যাত খুব এটা বেয়া নহয়৷ পেটৰ অসুখে আমনি দিব পাৰে৷ প্রেমত শুভ৷

মীনঃ বেপাৰ বাণিজ্যত জড়িত সকলৰ সৰু সুৰা বাধা আহিব কাম–কাজত নিয়মাৱর্তী হ’বলৈ চেষ্টা কৰক৷ প্রেমত আনন্দ বিদ্যাত বাধা৷৷

You might also like