নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–দক্ষিণ আফ্রিকাৰ টি–২০ : দুই অক্টোবৰৰ পথ নির্দেশনা

ভাৰত–দক্ষিণ আফ্রিকাৰ টি–২০ : দুই অক্টোবৰৰ পথ নির্দেশনা

✔ ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱতি নিশা ২ বজালৈকে চাৰিচকীয়া বাণিজ্যিক বাহনৰ চলাচল এনএইচ–২৭ আৰু এনএইচ–১৭ত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

✔ ৬ চকীয়া বাণিজ্যিক বাহনৰ চলাচলৰ ক্ষেত্রত ১, ৩, ৪ আৰু ৫ অক্টোবৰত এনএইচ–২৭ আৰু এনএইচ–১৭ত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ পুৱা ৯ বজাৰ পৰা নিশা ১১.৩০ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব৷

✔ ৩ আৰু চাৰিচকীয়া বাণিজ্যিক বাহনসমূহ ১, ২, ৩, ৪ আৰু ৫ অক্টোবৰত পুৱা ৪ বজাৰ পৰা পুৱা ৯ বজালৈ মহানগৰীৰ ভিতৰত চলাচল কৰিব পাৰিব৷

✔ ২ আৰু ৩ অক্টোবৰত এ কে আজাদ ৰোড, দিনৰ ১২ বজাৰ পৰা নিশা ১ বজা পর্যন্ত ৱান ৱে’ ঘোষণা কৰা হৈছে৷ বাহনসমূহ চাইকেল ফেক্টৰীৰে লখৰা চাৰিআলি হৈ চলাচল কৰিব পাৰিব৷ লখৰা চাৰিআলিৰ পৰা কোনোধৰণৰ যান–বাহন চলাচল কৰিব নোৱাৰিব৷ কেৱল কাৰ পাছ থকা বাহনসমূহে চলাচল কৰিব পাৰিব৷

✔ ২ অক্টোবৰৰ দিনা বর্ষাপাৰা ৰোডৰ পৰা বর্ষাপাৰা তিনিআলি, ধীৰেনপাৰা তিনিআলিলৈ কাৰ পাছ থকা বাহনসমূহৰ বাবে ৱান ৱে’ ঘোষণা কৰা হৈছে৷ কাৰ পাছ থকা বাহনৰ বাহিৰে আৰু উক্ত অঞ্চলত বসবাস কৰা লোকৰ বাহিৰে অন্য বাহন চলাচল কৰিব নোৱাৰিব৷ ধীৰেনপাৰা তিনিআলিৰ পৰা বর্ষাপাৰা ষ্টেডিয়ামলৈ ‘ন’ এণ্ড্রী৷

বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামৰ প্রৱেশ পথ
✔ গেট নং ১–বিঃ এ কে আজাদ ৰোড, বর্ষাপাৰা তিনিআলি হৈ বর্ষাপাৰা ষ্টেডিয়ামলৈ কেৱল আমন্ত্রিত অতিথিসমূহে প্রৱেশ কৰিব পাৰিব৷

✔ গেট নং ২ঃ বর্ষাপাৰা ৰোডঃ এ কে আজাদ ৰোডেৰে বর্ষাপাৰা তিনিআলি হৈ অহা লোকসকলেহে প্রৱেশ কৰিব পাৰিব৷

✔ গেট নং ৩ঃ আৰ জি বৰুৱা ৰোড হৈ গড্রেজ গলি ৰোলিং মিলেৰে ৩নং গেটত প্রৱেশ কৰিব পাৰিব৷

✔ গেট নং ৪ঃ ৰোলিং মিল তিনিআলিৰে প্রৱেশ কৰিব পাৰিব৷

✔গেট নং ৫ঃ ড০ ভূপেন হাজৰিকা পথ, ৰঘুনাথ পথেৰে প্রৱেশ কৰিব পাৰিব৷

✔গেট নং ৬ঃ ৰঘুনাথ পথেৰে প্রৱেশ কৰিব পাৰিব৷

✔ গেট নং ৭ঃ বর্ষাপাৰা তিনিআলি হৈ প্রৱেশ কৰিব পাৰিব৷

You might also like