নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাক জন্মদিনৰ শুভেচ্ছা তুলিৰাম ৰংহাঙৰ

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ সোমবাৰে কার্বি নতুন বছৰৰ প্রথম দিন৷ ফেব্রুৱাৰী মাহৰ পহিলা দিনটো কার্বি জনগোষ্ঠীৰ বাবে বছৰৰ প্রথম মাহৰ প্রথম দিন৷ কার্বি ভাষাত এই প্রথম মাহটোক ‘থাংথাং’ বুলি কোৱা কয়৷ মূলতঃ পাহাৰত বসতি কৰি ঝুম প্রথাৰে খেতি কৰা কার্বি জনগোষ্ঠীৰ লোকসকলে ঝুম পদ্ধতিৰ খেতিৰ বাবে প্রতি দুই–তিনি বছৰৰ মূৰে মূৰে তেওঁলোকে নতুন কৃর্ষিভূমি নির্বাচন কৰে৷ এই প্রথাৰ নাম ‘ৰিতলাং’৷ ‘ৰিত’ মানে জুমতলী আৰু ‘লাং’ মানে নির্বাচন বা চোৱা৷ এই ৰিতলাং প্রথা আৰম্ভ হয় থাংথাং মাহত৷ বছৰৰ খেতি নির্বাচন কৰা মাহটোৰ পৰাই বছৰৰ আৰম্ভণি৷ সেয়ে থাংথাং মাহটো নৱবর্ষৰ আৰম্ভণি বুলি বিশ্বাস কৰা হয়৷

এই আপাহতে সমগ্র কার্বি আংলংজুৰি সোমবাৰে ‘নিংকান কিমি’ অর্থাৎ নৱবর্ষ উলহ–মালহেৰে উদ্যাপন কৰা হয়৷ নৱবর্ষৰ বহুকেইটা কার্যসূচীত অংশগ্রহণ কৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ তেওঁক সংগ দিয়ে সাংসদ হৰেণছিং বে’, পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্যৰ লগতে প্রাক্তন বিধায়ক বিদ্যাছিং ইংলেঙে৷ জিলাখনৰ বৰলাংফেৰত আয়োজন কৰা কার্বি নৱবর্ষৰ কার্যসূচীত মুখ্য কার্যবাহী সদস্যগৰাকীয়ে ১১৬৫ ভূমিহীন লোকৰ মাজত ভূমিপট্টা প্রদান কৰে৷ লগতে পুৱা ডিফুৰ তাৰালাংছ’ত আয়োজন কৰা নৱবর্ষৰ কার্যসূচীতো ২৬৪গৰাকী ভূমিহীন লোকৰ মাজত ভূমিপট্টা প্রদান কৰে৷ বিগত ৩ বছৰত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ২ লাখ ৭৫ হাজাৰ লোকক ভূমিপট্টা প্রদান কৰা বুলি উল্লেখ কৰে মুখ্য কার্যবাহীগৰাকীয়ে৷ আজি কার্বি নৱবর্ষৰ দিশটোতে অর্থাৎ ১ ফেব্রুৱাৰীত জন্মদিন উপলক্ষে স্বাস্থ্যমন্ত্রী ড০ হিমন্তবিশ্ব শর্মাক মুখ্য কার্যবাহীগৰাকীয়ে ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷

You might also like