নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ দুৰ্ঘটনাত নিহত ২ শ্ৰমিক

অসম বংগ সীমান্তত দুই শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। অসম বংগ সীমান্তৰ ছাগলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা হয়। ইটা লবলৈ বংগৰ পৰা ধুবুৰীৰ হালাকুৰালৈ আহি থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে আহি থকা বাহনখন। ফলত বাহনখনত থকা দুই শ্ৰমিকৰ মৃত্যু হয়। শ্ৰমিক দুজন ক্ৰমে মজিবুল আলী (২১) আৰু মাৰুগঞ্জৰ কৌশিক হক (২০)। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ WB 25 F 9503।

ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী

You might also like