নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত পৃথক পথ দুৰ্ঘটনাত চাৰি যুৱকৰ কৰুণ মৃত্যু, সংকটজনক এজন

হোজাই জিলাৰ মোৰাঝাৰত পৃথক দুৰ্ঘটনাত চাৰি যুৱকৰ কৰুণ মৃত্যু হোৱাৰ লগতে এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। হোজাই জিলাৰ মোৰাঝাৰৰ পীৰ বাজাৰ অঞ্চলত নম্বৰবিহীন এখন বাইক আৰু AS-31B-1853 নম্বৰৰ আন এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজন বাইক আৰোহীৰ। মৃত যুৱক দুজনৰ ভিতৰত এজন দীঘলজাৰৰ আব্দুল আহাদ আৰু আনজন চামৰালিৰ আব্দুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক ততাতৈয়াকৈ হোজাই হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয়, য’ত তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে, যোৱানিশা হোজাই নীলবাগানত সংঘটিত আন এটা ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ মৃত্যু হয়। AS-31C-0932 নম্বৰৰ এখন ট্ৰাকে AS-31G-0944 নম্বৰৰ বাইকখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বাইকখন মোৰাঝাৰৰ পৰা নীলবাগানৰ দিশে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক দুজনৰ নাম ৰতন দাস আৰু লক্ষিন্দ্ৰ দাস। মৃত ৰতন দাসৰ ঘৰ জোৰাপুখুৰী আৰু লক্ষিন্দ্ৰ দাসৰ ঘৰ লামডিঙত বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে দুয়োটা দুৰ্ঘটনাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাসমূহৰ তদন্ত আৰম্ভ কৰিছে। কেইঘন্টামানৰ ভিতৰতে সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

You might also like