নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বিষ্ণু ৰাভাৰ দিৱসত প্ৰাচীৰ পত্ৰিকা উন্মোচন, শিল্পী সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২০ জুন : হোজাই সাহিত্য সভা আৰু হোজাই আঞ্চলিক সাংস্কৃতিক মহাসভাৰ উদ্যোগত হোজাই জিলা সাংস্কৃতিক মহাসভাৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি হোজাইৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত হৈ যায়। পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে হোজাই সাহিত্য সভাৰ সভাপতি দয়াল ক্রয়ে, সাংস্কৃতিক মহা সভাৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি আশীষ ভট্টাচাৰ্যই। ৰাভাৰ প্ৰতিচ্ছবিত মল্যদান আৰু পুষ্পঞ্জলি অৰ্পন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক ডাক্তৰ চামচুল হকে ইয়াৰ পাছত ৰাভাৰ স্মৃতিত বৃক্ষৰোপন কাৰ্যসূচীৰ অন্তত ৰাভা দিৱস উপলক্ষে হোজাই সাহিত্য সভাৰ প্ৰাচীৰ পত্ৰিকা খনৰ এই বৰ্ষৰ ২য় সংখ্যাটি উন্মোচন কৰে প্ৰবীণ চিত্ৰ শিল্পী কৰুণা সিন্ধু পালে। এই অনুষ্ঠানৰ পিছত দুটা শাখাত আঞ্চলিক ভিত্তিত ক্ৰমে আবৃত্তি, চিত্ৰাংকন, ৰাভা সঙ্গীত আৰু ৰাভা সঙ্গীতত নৃত্য প্ৰতিযোগিতাতা অনুষ্ঠিত হয়। বিয়লি হোজাই সাহিত্য সভাৰ সভাপতি দয়াল চন্দ্ৰ ক্র ৰ সভাপতিত্বত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হয়। সাংস্কৃতিক মহা সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে পৰিচালনা কৰা সভাত স্থানীয় প্ৰবীণ শিল্পী বিদ্যাপতি সিংহক ফলক, সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, গামোচা ,জাপি আদিৰে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে আজিৰ প্ৰতিযোগীতাৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। ইফালে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত স্হানীয় শংকৰদেৱ নগৰতস্হিত জিলা প্ৰশাসনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোৱঁৰণত বিষ্ণু ৰাভা দিৱসটি উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰে জিলা আয়ূক্ত লাচিত কুমাৰ দাসে। তেওঁ বিষ্ণু প্ৰসাদ ৰাভাক সুঁৱৰি ৰাভা সংগীত পৰিবেশন কৰি ৰাভাদেৱৰ জীৱনৰ ওপৰত এক আলোকপাত কৰে। অনুষ্ঠানত অতিথি শিল্পীসকলৰ দ্বাৰা ৰাভা সংগীত পৰিবেশন কৰা হয়। অনুষ্ঠানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল, বিশিষ্ট লোকসকলৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, আন আন প্ৰশাসনিক বিষয়াসকল আৰু কৰ্মচাৰী সকলো উপস্হিত থাকে।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like