নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত দুষ্পাপ্য প্ৰজাতিৰ শগুন উদ্ধাৰ

নিয়মীয়া বাৰ্ত,২০ এপ্ৰিল: ঢকুৱাখনাৰ ভাটী জালভাৰীত আজি পুৱা উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য শগুন।প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত অসুস্থ হৈ পৰা প্ৰকৃতিৰ জামাদাৰ শগুনটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত দুই প্ৰকৃতিপ্ৰেমী যুৱক বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াই ততালিকে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্রাপ্ত শগুনটো উদ্ধাৰ কৰি ঢকুৱাখনা উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰে।ইতিমধ্যে, শগুনটোক সুস্থ কৰি তোলাৰ বাবে বনবিভাগে চিকিৎসকৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা কৰিছে৷আঘাতপ্রাপ্ত শগুনটো হিমালয়ান গ্ৰীফন প্ৰজাতিৰ বুলি চিনাক্ত কৰা হৈছে।উল্লেখযোগ্য যে, প্ৰকৃতিৰ জামাদাৰ হিচাপে চিহ্নিত শগুণৰ বিভিন্ন কাৰণত মৃত্যুৰ মুখত পৰাৰ ফলত দিনক দিনে ইয়াৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে৷ অসমটো সময়ে সময়ে বিভিন্ন কাৰণত শগুণৰ মৃত্যু হোৱা দেখা যায়৷চলিত বৰ্ষতে অসমত বিষক্ৰিয়া হৈ ৬০টাৰো অধিক শগুণৰ মৃত্যু হৈছে৷ এনেদৰে শগুণৰ মৃত্যু হ’লে এসময়ত শগুণৰ অস্তিত্ব পৃথিৱীৰ পৰা নাইকিয়া হোৱাটো নিশ্চিত আৰু ইয়াৰ বিৰূপ প্ৰভাৱ প্ৰকৃতিৰ ওপৰতো পৰিব৷ কাৰণ শগুনে গেলা, পচা আৰু মৃত বস্তু ভক্ষণ কৰি পৃথিৱীখন পৰিস্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷এই ক্ষেত্ৰত শগুন সংৰক্ষণ আৰু উদ্ধাৰৰ লগত জড়িত হৈ থকা দুই প্ৰকৃতিপ্ৰেমী যুৱক বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াই আক্ষেপেৰে কয় বিগত বিশ-পঁচিশ বছৰৰ ভিতৰত ঢকুৱাখনা লগতে সমগ্ৰ অসমত শগুনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। পূৰ্বৰ দৰে শিমলু, আহত, বট আদি বৃহৎ গছৰ ওপৰত এই দুষ্প্ৰাপ্য প্ৰানী বিধ দেখিবলৈ নোপোৱা হৈছে। দুষ্প্ৰাপ্য প্ৰানী বিধ জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ ল’ব লাগে বুলিও তেওঁলোকে মতপোষণ কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like