ৰহা সমষ্টিৰ উন্নয়নৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা : ২ ফেব্ৰুৱাৰী : ৰহাৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত ৰহাৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ সমস্যাক সামৰি ৩১ জানুৱাৰীত ৰহাৰ বিধায়ক শশীকান্ত দাসৰ সৈতে ৰহা উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে জলসম্পদ, সংসদীয় পৰিক্ৰমা আৰু তথ্য-জনসংযোগ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাক চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।
ৰহাৰ সামগ্ৰিক উন্নয়নৰ অৰ্থে গঠন কৰা ৰহা উন্নয়ন সমিতিয়ে প্ৰদান কৰা স্মাৰক পত্ৰখনিত উল্লেখ থকা উল্লেখ থকা দাবীসমূহ গল-
- ৰহাত এখন সৰ্বভাৰতীয় পৰ্যায়ৰ উন্নতমানৰ আয়ুৰ্বেদিক “আয়ুষ” চিকিৎসালয় স্হাপনৰ ব্যৱস্থা;
- ৰহা-ৰণথলিত থকা সামূহিক চিকিৎসালয় খনক ১০০খন বিছনাযুক্ত চিকিৎসালয় হিচাপে গঢ় দিয়া;
- ৰহা মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা স্হাপন কৰা;
- ৰহাত এখন উন্নত মানৰ ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ কৰা;
- ৰহাত এখন শিক্ষণ মহাবিদ্যালয় স্থাপন
- ৰহাত উন্নত প্ৰযুক্তি সম্পন্ন এটি সাংস্কৃতিক প্ৰকল্প স্হাপন।
স্মাৰক পত্ৰত উল্লেখ কৰা সমস্যা সমূহ অতি গুৰুত্ব সহকাৰে বিবেচনা কৰি ৰহাৰ পূৰ্বৰ বিধায়ক তথা বৰ্তমানৰ অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকাই সদ্যহাতে ৰহা মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা মুকলি, ৰহাত ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ, উন্নত মানৰ ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ, ৰহাত ২০১৮ চনত স্থাপন কৰা উপ-কোষাগাৰটোৰ কাৰ্যকৰণৰ বাবে আশ্বাস প্ৰদান কৰে।
মন্ত্ৰী গৰাকীয়ে লগতে শেহতীয়া পাঁচবছৰত ৰহা সমষ্টিত বিশেষ ভাবে সময় দিব নোৱাৰিলে যদিও বৰ্তমান ৰহা সমষ্টিৰ উন্নয়নৰ বাবে তেঁও গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে। ইয়াৰ লগতে সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান”আয়ুষ” স্থাপন আৰু বি,এড কলেজ স্থাপন সম্পৰ্কে মুখ্যমন্ত্ৰীৰ লগত বিশেষ আলোচনা কৰি শীঘ্ৰে সিদ্ধান্তৰ আশ্বাস প্ৰদান কৰে বুলি এক প্ৰেছ বিবৃতি যোগে ৰহা উন্নয়ণ সমিতিৰ সভাপতি ধ্ৰুৱ দাস , কাৰ্য্যকৰী সভাপতি সুভাষ ডেকা আৰু সাধাৰণ সম্পাদক প্ৰহ্লাদ কুমাৰ মছৰঙে জনাইছে ।
প্ৰেৰক, ভৱজ্যোতি ডেকা