নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৰেৰহাটত সংঘৰ্ষত গুৱাহাটীৰ চিকিৎসকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰু ৱাৰী, ধুবুৰী জিলাৰ গৰেৰহাটৰ ১৭ নং ঘাইপথত আজি পুৱা এঘাৰ মান AS 06 S 6793 নম্বৰৰ চাৰি চকীয়া বাহনৰ লগত WB 64 W 9210 নম্বৰৰ আৰ্টিগাৰ মুখামুখি সংঘৰ্ষ হয় ।

ফলত হুণ্ডাইৰ চাৰি চকীয়া বাহনৰ চালক তথা আগমনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সৌৰভ বেনাৰ্জী থিতাতে নিহত হয় । দুৰ্ঘটনা কৰিয়েই বংগৰ গাড়ীখনৰ চালকজন পলাই যায় । নিহত চিকিৎসকজনৰ ঘৰ গুৱাহাটীত ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like