নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰেন্দ্ৰ মোদী-ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলোতে উন্নয়নৰ জোৱাৰ : কুইন ওজা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ কেন্দ্ৰ, ৰাজ্যৰ বিজেপি চৰকাৰে আত্মনিৰ্ভৰশীল কৰাত গুৰুত্ব দিছে। পঞ্চায়তৰ লগতে সকলো বিভাগৰ জৰিয়তে। মহাত্মা গান্ধীৰ স্বপ্নৰ পঞ্চায়তীৰাজৰ ব্যৱস্থাক প্ৰয়াত অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোদীয়ে বাস্তৱত পৰিণত কৰিছে। একেদৰে অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তাক অসমত কাৰ্যকৰী কৰাত গ্ৰামাঞ্চলৰ বাট পথ,উন্নত হোৱাই নহয় পঞ্চায়তৰ বিভিন্ন আচঁনিৰে ৰাইজক উপকৃত কৰিছে। বিশেষকৈ মোদীয়ে অষ্টলক্ষ্মীক যথেষ্ট গুৰুত্ব দিয়াৰ বাবেই সম্প্ৰতি অসমতো উন্নয়ন হৈছে।- এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ। আজি নলবাৰীৰ বাঁহজানীৰ বৰআজাৰাত জিলা পৰিষদ, গাওঁ পঞ্চায়তৰ উদ্যোগত আৰু আঞ্চলিক পঞ্চায়তৰ সহযোগত আয়োজিত পঞ্চায়তী ৰাজ দিৱসৰ মুকলি সভাত ভাষনত  সাংসদ গৰাকী আকৌ কয় অসমৰ পঞ্চায়তৰ আধা অংশ মহিলাই গঠন কৰিছে। এয়া শুভ লক্ষণ বুলি দোহাৰে। সভাত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই ভাষনত কয় যে দুৰ্নীতি মুক্ত পঞ্চায়ত বিচাৰিছিলো আৰু ৮০ শতাংশ সফল হৈছে। বাকী বিশ শতাংশ সফল কৰাৰ দৰকাৰ যদিও দহ শতাংশ কৰবাত ভুল হব থাকিব পাৰে। সেয়েহে পঞ্চায়ত প্ৰতিনিধি নহয় মাথো সকলো বিষয়া, কৰ্মচাৰী সহযোগ কৰিব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত, গ্ৰামোন্নয়ন বিভাগত যি ব্যৱস্থা হাতত লৈছে আগন্তুক দিনত সামান্যও ভুল নাথাকিব বুলি দোহাৰে। সভাত নগাঁও জিলা পৰিষদৰ অধ্যক্ষ বীৰেন্দ্ৰ ডেকাই ভাষনত পঞ্চায়ত প্ৰতিনিধিৰ দৰমহা ৰেগুলাৰ নকৰাত ক্ষোভ প্ৰকাশ কৰি কয় যে এয়া চৰকাৰে উপলব্ধি কৰিব লাগে।সেইবাবেই পঞ্চায়তৰ আচঁনি ৰূপায়ন কৰাত নানা খৰচ কৰিব লগাত অসুবিধা হয়। পঞ্চায়ত সমূহে স্থানীয় কৰসমূহৰ ধন সংৰক্ষণ কৰিব লাগে। নহলে চৰকাৰে কিবা এটা পইচা দিব সেই ধনেৰে আচঁনি ৰূপায়নত জটিল হয় বুলি দোহাৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like