নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণ-অখিল-প্ৰদ্যুতৰ ধমকিক আমি কেতিয়াও কেয়াৰ নকৰোঁ : মন্ত্ৰী পীযুষ

🎯ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত জাগীৰোডত হ’ব বৃহৎ উদ্যোগ

🎯’৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হ’ব এই বৃহৎ উদ্যোগ’

🎯’জাগীৰোডৰ প্ৰায় ৩০ হাজাৰ ল’ৰা-ছোৱালীয়ে লাভ কৰিব সংস্থাপন’

🎯’জাগীৰোডৰ মানুহে বনোৱা ছিপছেৰে আমেৰিকা, ইউৰোপত ইলেক্ট্ৰিক গাড়ী চলিব’

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ আজিৰ পৰা ৮ বছৰ পূৰ্বে জাগীৰোড সমষ্টিৰ মই নিৰ্বাচিত হৈছিলো। বিধায়ক হৈয়ে মই জাগীৰোডক এখন নতুন জাগীৰোড কৰাৰ সংকল্প লৈছিলো আৰু জাগীৰোডবাসীক লগত লৈ নতুনকৈ কাম কৰাৰ বাবে আগবাঢ়িছিলো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি নিজ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। জাগীৰোড বিধানসভা সমষ্টিৰ নেলী ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত বিশাল সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰা ৮ বছৰ পূৰ্বে জাগীৰোড সমষ্টিৰ পৰা প্ৰথম বিধায়ক নিৰ্বাচিত হোৱাৰ কথা উল্লেখ কৰে। সেই সময়ত জাগীৰোডৰ ৰাস্তা-ঘাটৰ অৱস্থা অতিকৈ বেয়া আছিল বুলি তেওঁ কয়। সেইখিনি সময়ত জাগীৰোড সমষ্টিটো অকল বানপানী, বানপানী আৰু বানপানী আছিল। চাৰিওফালে ৰাস্তা-পথৰ পৰিৱেশ কদৰ্যময় আছিল। সেয়ে বিধায়ক হৈয়ে তেওঁ জাগীৰোডক এখন নতুন জাগীৰোড কৰাৰ সংকল্প লৈছিল আৰু জাগীৰোডবাসীক লগত লৈ নতুনকৈ কাম কৰাৰ বাবে আগবাঢ়িছিল বুলি কয়। লগতে তেওঁ কয় যে জাগীৰোগৰ পৰা মৰিগাঁও সংযোগী পথছোৱা ২০১১ চনত কোনোবাই কাম কৰা আৰম্ভ কৰি ২০১৮ চনলৈকে সম্পূৰ্ণ কৰা নাছিল। আনহাতে, জাগীভকত গাঁৱৰ পৰা নাৰেংগীলৈকে পথছোৱা অতিকে বেয়া আছিল। ৰাইজক উদ্দেশ্যি তেওঁ আৰু কয় যে আপোনালোকৰ হয়তো মনত আছে যে মাটি পৰ্বতৰ পৰা আঁহতগুৰি হৈ জয়শ্ৰীলৈকে মথাউৰিটো পকী হোৱাতো দূৰৰ কথা, মথাউৰিটোত কতো এটাও পাথৰ পেলোৱা নাছিল। তেওঁ এই অঞ্চলটোত কিলিং নৈয়ে কেনেকৈ তাণ্ডৱ চলাইছিল, কেনেকৈ মানুহ মৃত্যুমুখত পৰিছিল, কেনেকৈ বানপানীয়ে খেতি পথাৰ নষ্ট কৰিছিল সেই কথা ৰাইজক সোঁৱৰাই দিয়ে। আনহাতে, জাগীৰোগ সমষ্টিৰ পাঁচটা পঞ্চায়ত বুৰগাঁও, পাভকাটি, লেহপতি, গাগলমাৰী আৰু আশীগড় গাগলমাৰী পাঁচাটা মাহে বানপানীৰ সৈতে সহৱস্থান কৰিবলগা হৈছিল আৰু এই পঞ্চায়ত কেইটাৰ মানুহে ঝাৰগাঁও, বুঢ়াবুঢী বা মায়ংলৈ পাঁচমাহ নাওৰে যাতায়াত কৰিব লগা হৈছিল। বানপানীৰ সময়ত এই পাঁচটা পঞ্চায়ত পানীত ডুব গৈ আছিল। এয়া আছিল জাগীৰোডৰ পৰিৱেশ। কিন্তু এতিয়া জাগীৰোডৰ সেই আগৰ পৰিৱেশ নাই। ইয়াত ৰেল ৱে ওভাৰ ব্ৰীজ বনোৱা হল, জাগীৰোগৰ পৰা মৰিগাঁও সংযোগী পথছোৱা ৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মআম কৰা হল। অসম মালাৰ প্ৰথম ৰাস্তাটো জাগীৰোট সমষ্টিতে নিৰ্মাণ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে কয়। সভাত এই অঞ্চটোত কত কত মথাউৰি নিৰ্মাণ কৰা হল, কত কত ৰাস্তা-ঘাট নিৰ্মাণ কৰা হল সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটত বাকী থকা মথাউৰি নিৰ্মাণ কৰি জাগীৰোডবাসীক বানপানীৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। জলসম্পদ মন্ত্ৰী হৈয়ে তেওঁ ৬ মাহৰ ভিতৰত লাহৰীঘাটত ৬০ কোটি টকাৰে ১৪ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি কয় যে এই মথাউৰি নিৰ্মাণ কৰাৰ বাবে এতিয়া আমাৰ অঞ্চলত বানপানী নোহোৱা হ’ল। সমষ্টিটোৰ উত্তৰ অঞ্চলত ব্ৰহ্মপুত্ৰত গৰাখহনীয়া এটা আটাইতকৈ ডাঙৰ সমস্যা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ডেৰ শ কোটি টকা অকল জাগীৰোড সমষ্টিলৈকে আনি আমি খহনীয়া প্ৰতিৰোধৰ কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিলো। ইয়াৰ পূৰ্বে প্ৰায় ২০ কোটি টকাৰে খহনীয়াৰ কাম সম্পূৰ্ণ কৰি এইবছৰ ডেৰ কোটি টকা আনি খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছো বুলি মন্ত্ৰীগৰাকীয়ে কয়। ধমৰতুল, নেলী, শিলচাং অঞ্চলৰ মূল সমস্যা কি আছিল বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰি কয় যে মাটিপৰ্বতৰ পৰা ধৰমতুললৈকে মথাউৰিৰ ৰাস্তা কেঁচা আছিল। মানুহে অহা-যোৱা কৰাত কষ্ট পাইছিল। মন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০ কিলোমিটাৰ মথাউৰি পথ পকীকৰণ কৰাৰ বাবে এতিয়া মানুহৰ যাতায়াত কৰাত সুবিধা হল বুলি উল্লেখ কৰে। আনকি এই অঞ্চলত মানুহে আগতে শালি খেতি কৰিব পৰা নাছিল বানপানীৰ বাবে, কিন্তু ১০ কোটি টকা ব্যয় সাপেক্ষে ডিমালজানত শ্লুইচ গেট বনাই বানপানীৰ সমস্যা দূৰ কৰি অঞ্চলটোত কৃষক ৰাইজক শালিখেতি কৰাৰ ব্যৱস্থা কৰি দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। মন্ত্ৰীগাৰাকীয়ে আজি ৬ দিনত নগাঁও সমষ্টিত ৪০ খন সভা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে। নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পতাৰ বাবে এই ৪০ খন মিটিং কৰাৰ কথা তেওঁ কয়। সভাত মন্ত্ৰীগৰাকীয়ে উদাত্ত ভাষণ দাঙি ধৰি কয় যে কৃষকসকলে বছৰত ৬ হাজাৰ টকা পায়, কিন্তু কংগ্ৰেছৰ দিনত কৃষকসকলক এই সুবিধা পোৱা নাছিল। তেওঁ কংগ্ৰেছৰ দিনৰ ইন্দিৰ আবাস যোজনাৰ ঘৰৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছৰ দিনত জাগীৰোড সমষ্টিত মানুহে ঘৰ পোৱা নাছিল। অনুমোদন হৈ যায় কিন্তু ঘৰ আহি নাপায়। ঘৰসমূহ দিয়াৰ নামত বিডিঅ’, ঠিকাৰদাৰ, পঞ্চায়ত পৰ্তিনিধিয়ে টকা খাইছিল। কিন্তু আজি সেই পৰিৱেশ নাইকিয়া হৈ গল। আজি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ নামত কোনেও এটকা এটাও খাব নোৱাৰে। কংগ্ৰেছৰ দিনত ইন্দিৰা আবাস যোজনাৰ ঘৰ বিলাক কেনেকুৱা আছিল আৰু আজি বিজেপিৰ দিনত প্ৰধানমন্ত্ৰী আবাসৰ ঘৰবিলাক কেনেকুৱা তাৰ পাৰ্থক্যও ৰাইজৰ আগত দাঙি ধৰে। তেওঁ কয় যে ৰেচন কাৰ্ডৰ জৰিয়তে আজি প্ৰত্যেকেই বিনামূলীয়া চাউল পায়। কিন্তু কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল কোনেও পোৱা নাছিল। কংগ্ৰেছৰ দিনত আয়ুষ্মান কাৰ্ড নাছিল। আয়ুষ্মান কাৰ্ড থাকিলে ৫ লাখ টকাৰ বিনামূলীয়া চিকিত্সাৰ সুবিধা লাভ কৰাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। তদুপৰি চৰকাৰে আমাৰ শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়াৰ বাবে তেওঁলোকক প্ৰদান কৰা বিভিন্ন সুবিধা তথা সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছে এইবিলাক এটা কৰা নাছিল। আনহাতে প্ৰতিশ্ৰুতি অনুসৰি অৰুণোদয়ৰ টকা বৃদ্ধি কৰা, ৰেচন কাৰ্ড থকা প্ৰত্যককে অৰুণোদয় দিয়া,নিবনুৱাক চৰকাৰী চাকৰি দিয়া আদিৰ লগতে বিভিন্ন উল্লয়নমূলক কামৰ কথা উল্লেখ কৰে। কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে, কংগ্ৰেছে অসমত ৬০ বছৰত মাত্ৰ ৬ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। কিন্তু ৮ বছৰত মুখ্যমন্ত্ৰীয়ে অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ’ল বুলি কয়। কংগ্ৰেছৰ দিনত মাত্ৰ ৭ খন বিশ্ববিদ্যালয় আছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত ১৫ খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিলে বুলি ভাষণ উল্লেখ কৰে। আজি নগাঁও কলেজ, যোৰহাট কলেজ, শিৱসাগৰ কলেজস লখিমপুৰ কলেজ বিশ্ববিদ্যালয় হল বুলি তেওঁ কয়। তেওঁ জাগীৰোড কলেজখনকো বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ কথাও উল্লেখ কৰে। আনহাতে, পথ, দলং, ওভাৰ ব্ৰীজকে ধৰি জাগীৰোড সমষ্টিত অসমৰ আটাইতকৈ ধুনীয়া আই বি হোৱাৰ কথাও মন্ত্ৰীগৰাকীয় ভাষণত সদৰী কৰে। আনফালে জাগীৰোডৰ পেপাৰ মিল বন্ধ কৰাত আমাৰ মানুহৰ কোনো ভুল নাছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পেপাৰ মিল বন্ধ কৰাত মেনেজমেণ্টৰ ভুল আছিল। সেইখিনি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। ২০১১ চনৰ পৰাই এই মিলটো মৰিবলৈ আৰম্ভ কৰিছিল আৰু কালক্ৰমত ২০১৬ চনত মিলটো ধ্বংস হয়। কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈয়ে ৮৫০ কোটি টকা খৰচ কৰি জাগীৰোড আৰু শিলচৰ পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ প্ৰাপ্যখিনিৰ দিয়াৰ ব্যৱস্থা কৰে। তদুপৰি জাগীৰোডত অসমৰ সকলোতকৈ ডাঙৰ উদ্যোগ স্থাপনৰ কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীক এদিন জনোৱাৰ কথা তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত স্থাপন কৰা হব এই উদ্যোগ আৰু জাগীৰোডৰ প্ৰায় ৩০ হাজাৰ লৰা-ছোৱালীয়ে ইয়াত চাকৰি লাভ কৰিব। এই উদ্যোগ স্থাপন হ’লে জাগীৰোডৰ মানুহে বনোৱা ছিপছেৰে আমেৰিকা, ইউৰোপত ইলেক্ট্ৰিক গাড়ী চলিব, ফোন চলিব আৰু বিভিন্ন কাম চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুবাদত এই অনুষ্ঠান হোৱা বুলি মন্ত্ৰীগৰাকীয়ে গৰ্বেৰে উল্লেখ কৰে। ইয়াৰ উপৰি জাগীৰোডত আৰু কেবাটাও উদ্যোগ স্থাপন কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈ, কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰি কয় যে এই তিনিগৰাকী নেতাই উজনি অসমৰ পৰা আমাৰ ইয়ালৈ আহি আমাৰ ওপৰত দাদাগিৰি কৰে, আমাক গালি দিয়ে, এই কথা আমি কেতিয়াও মানি নলওঁ। আমি উজনি অসম, নামনি অসমলৈ যাওঁ ভৰিত ধৰি সেৱা কৰো, কিন্তু অখিল গগৈ, লুৰীণজ্যোতি গগৈ, প্ৰদ্যুত বৰদৈয়ে উজনিৰ পৰা আহি আমাক ধমকি দিয়ে, গালি দিয়ে, এয়া আমি কেতিয়াও মানি নলওঁ। সেয়ে তেওঁ এটাও ভোট কংগ্ৰেছক নিদিবলৈ সকলোকে পণ লবলৈ আহ্বান জনাই বিজেপিক ভোট দিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জাগীৰোড, ধিং, মৰিগাঁৱত আন কেবাখনো প্ৰচাৰ সভাত অংশ লয়। ধিং বিধানসভা সমষ্টিৰ পূজাবাৰী খেলপথাৰত ৰাইজৰ বিপুল উচাহৰ মাজত আয়োজিত প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰীগৰাকী আপ্লুত হৈ পৰে। জাগীৰোড বিধানসভা সমষ্টিৰ ঝাৰগাঁও বীৰ লাচিত খেলপথাৰ, জাগীৰোডৰ দন্দুৱা খেলপথাৰত বিশাল সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। সমবেত ৰাইজক আজি এক প্ৰচাৰ সভাৰ দ্বাৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায়।

You might also like