নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : আৰ্বান নক্সাল দেশৰ অদৃশ্য শত্ৰু

সমাজৰ ‘বিশিষ্ট বুদ্ধিজীৱী’ আৰু ‘শিক্ষাবিদ’ হিচাপে সন্মানিত সেই লোকসকল যদি প্রকৃততে একো একোজন অদৃশ্য সন্ত্রাসবাদী বুলি আমি হঠাতে উপলব্ধি কৰোঁ? আজিৰ প্রযুক্তিচালিত একবিংশ শতিকাত সন্ত্রাসবাদৰ কৌশলবোৰো অধিক অত্যাধুনিক হোৱা দেখা যায়৷ যিকোনো বিচাৰধাৰাৰ নামত নিৰপৰাধী লোকক প্রত্যক্ষভাৱে হত্যা কৰা এজন সন্ত্রাসবাদী আৰু দেশত এক কাল্পনিক ‘বিপ্লৱ’ৰ সূচনা কৰাৰ উদ্দেশ্যে নিজৰ শিক্ষার্থীসকলক মাওবাদী আন্দোলনত যোগদান কৰিবলৈ পৰোক্ষভাৱে উচটাই দিয়া সেই তথাকথিত ‘বুদ্ধিজীৱী’জনৰ মাজত বিশেষ কোনো পার্থক্য নাই৷ মাথোঁ তেওঁলোকৰ কৌশলবোৰহে বেলেগ৷ লক্ষ্য একে৷ ২০১৬ চনৰ নৱেম্বৰ মাহত ‘দিল্লী স্কুল অৱ ইক’নমিকছ’ৰ সমাজবিজ্ঞান বিভাগৰ নন্দিনী সুন্দৰ নামৰ এগৰাকী অধ্যাপিকা আৰু কেইজনমান মাওবাদীৰ বিৰুদ্ধে ছত্তিশগডৰ চুকমা জিলাত আদিবাসী এজনক হত্যা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল৷ গোচৰ ৰুজু কৰাৰ মাত্র কেইদিনমান পূর্বে মাওবাদীয়ে চুকমাত ২৫জন চিআৰপিএফ জোৱানক গুলীয়াই হত্যা কৰিছিল৷ তাৎক্ষণিক আৰক্ষী অভিযানত এই ভয়ংকৰ ঘটনাৰ সৈতে জডিত কেইবাজনো মাওবাদী নেতা গ্রেপ্তাৰ হৈছিল৷ তেওঁলোকৰ কেইজনমানে পিছত আত্মসমর্পণো কৰিছিল৷ এই আত্মসমর্পণকাৰী মাওবাদীসকলৰ মাজত আছিল প’ডিয়াম পাণ্ডা নামৰ এজন শীর্ষ পর্যায়ৰ কমাণ্ডাৰ৷ মাওবাদী অধ্যুষিত ছত্তিশগডৰ চুকমা আৰু বস্তৰ জিলাত অধ্যাপিকা নন্দিনী সুন্দৰ, মানৱ অধিকাৰ অধিবক্তা তথা সমাজকর্মী বেলা ভাটিয়া আৰু মাওবাদীৰ মাজত পাণ্ডাই মাধ্যম হিচাপে কাম কৰিছিল৷ এই কথা তেওঁ আৰক্ষীৰ সন্মুখত আৰু পিছত আদালততো স্বীকাৰ কৰিছিল৷ দিল্লীৰ পৰা বস্তৰ জিলাৰ দূৰৱর্তী জংঘলবোৰত অৱস্থিত মাওবাদী শিবিৰসমূহলৈ তেওঁ নিজৰ মটৰচাইকেলত দুয়োগৰাকী মহিলাক প্রায়ে লৈ গৈছিল৷ নন্দিনী সুন্দৰৰ স্বামীয়ে নিজকে এজন ‘সাংবাদিক’ বুলি দাবী কৰে৷ ভুৱা বাতৰি আৰু হিন্দুবিৰোধী প্রবন্ধ আৰু স্তম্ভ আদি প্রকাশ কৰাৰ বাবে কুখ্যাত The Wire.in’ নামৰ ডিজিটেল সংবাদ প’র্টেলৰ তেওঁ এগৰাকী অন্যতম প্রতিষ্ঠাপক সম্পাদক৷

আনহাতে, বেলা ভাটিয়াৰ স্বামী এগৰাকী বিশ্ববিখ্যাত ‘অর্থনীতিবিদ’৷ ন’বেল বঁটা বিজয়ী অমর্ত্য সেনৰ সৈতে সহঃ ৰচনা কৰা তেওঁৰ বহুতো কিতাপ আৰু প্রবন্ধ বাঁওপন্থী শৈক্ষিক জগতত সুপৰিচিত৷ কিন্তু বাস্তৱত এই লোকসকল কোন? সশস্ত্র বিপ্লৱৰ জৰিয়তে ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাক উৎখাত কৰিবলৈ প্রতিদিনে সপোন দেখি থকা মাওবাদীসকলৰ লগত তেওঁলোক কিয় আৰু কেনেকৈ জডিত? তেওঁলোকে নিজকে দাবী কৰাৰ দৰে সঁচাকৈয়ে ‘বুদ্ধিজীৱী’, ‘শিক্ষাবিদ’, ‘গৱেষক’ আৰু ‘সাংবাদিক’ হয়নে? শুনিবলৈ যিমানেই তিক্ত নহওক কিয়, সত্য কথাবোৰৰ বিষয়ে জনসাধাৰণক সজাগ কৰাটোৱেই হৈছে এজন প্রকৃত বুদ্ধিজীৱী আৰু সাংবাদিকৰ কর্তব্য৷

এই সন্দর্ভত আমি পোনপ্রথমে ভাৰতবর্ষত নক্সাল আন্দোলনৰ ইতিহাস আৰু শৈক্ষিক জগতৰ সৈতে ইয়াৰ সম্পর্ক বুজিব লাগিব৷ নক্সাল আন্দোলনৰ পৰিপ্রেক্ষিতত বলীউডত বহুতো হিন্দী চলচ্চিত্র নির্মাণ কৰা হৈছে৷ আজিৰ পৰা প্রায় ৫৫ বছৰ পূর্বে পশ্চিমবংগৰ দার্জিলিং জিলাৰ শিলিগুৰি উপ–সংমণ্ডলৰ নক্সালবাৰী গাঁৱৰ পৰা সমাজৰ দৰিদ্র শ্রেণীৰ লোকসকলক ন্যায় প্রদান কৰাৰ উদ্দেশ্যে নক্সাল আন্দোলন আৰম্ভ হৈছিল৷ অঞ্চলটোৰ জমিদাৰসকলৰ ওপৰত দুখীয়া কৃষকসকলৰ ভূমি আৰু সম্পত্তি বলপূর্বকভাৱে কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল৷ ১৯৬৭ চনৰ ২৪ মে’ত সমস্যাটো সমাধান কৰিবলৈ আৰক্ষীক মাতি অনা হৈছিল৷

কিন্তু জনজাতীয় কৃষক নেতা জংগল চান্থালৰ দ্বাৰা নিক্ষেপ কৰা তীৰৰ দ্বাৰা দলটোৰ সোণম ৱাংদী নামৰ এজন আৰক্ষী বিষয়া ঘটনাস্থলীত হঠাতে নিহত হয়৷ ঘটনাটোৰ পিছদিনা এটা বৃহৎ সশস্ত্র আৰক্ষীৰ দল নক্সালবাৰীত আহি উপস্থিত হৈছিল৷ তেওঁলোকে কৃষকসকলৰ ওপৰত গুলীচালনা কৰাৰ ফলত ৯গৰাকী মহিলাসহ দুটি শিশুৱে মৃত্যুবৰণ কৰিছিল৷ এই দুর্ঘটনাটোৱে ভাৰতৰ ছাত্র সমাজক অত্যন্ত ক্ষুব্ধ কৰি তুলিছিল৷ আৱেগিকভাৱে যেন তেওঁলোক ভাগি পৰিছিল৷ ১৯৪৭ চনত স্বাধীনতাৰ পিছত সমতা আৰু ন্যায়ৰ ভিত্তিত এখন নতুন ভাৰত ৰাষ্ট্র গঢ়ি তুলিবলৈ তেওঁলোকে দিনে–ৰাতিয়ে নিৰন্তৰ সংগ্রাম কৰি আছিল৷ ছাত্র জীৱনত আৱেগেৰে অভিভূত হোৱাটো সহজ৷ ফলস্বৰূপে, ১৯৬৭ চনৰ মে’ মাহৰ সেই দুর্ভাগ্যজনক ঘটনাটোৰ পিছতে ভাৰতৰ বিভিন্ন প্রান্তত বাস কৰা বহুতো যুৱক–যুৱতী নক্সাল আন্দোলনত যোগদান কৰিবলৈ অনুপ্রাণিত হৈছিল৷ সেই সময়ত নক্সাল আন্দোলনৰ নেতৃত্ব দিছিল ভাৰতীয় কমিউনিষ্ট পার্টী (মার্ক্সবাদী)ৰ কট্টৰপন্থী নেতা চাৰু মজুমদাৰে৷ কিন্তু তেওঁ কেইবছৰমানৰ পিছত এই দল ত্যাগ কৰি ভাৰতীয় কমিউনিষ্ট পার্টী (মার্ক্সবাদী–লেনিনবাদ্) বা চিপিআই (এমএল) নামৰ আন এটা নতুন দল গঠন কৰে৷ ‘শ্রমিক শ্রেণীৰ একনায়কত্ব’ (Dictatorship of the Proletariat’) প্রতিষ্ঠা কৰাৰ উপৰি চিপিআই (এমএলৰ) মূল আদর্শ আছিল Class Enemies’ বা চৰকাৰৰ সৈতে জডিত লোকসকলক হত্যা কৰা৷

চিপিআই (এমএল) গঠন হোৱাৰ পিছতে নক্সাল আন্দোলনৰ নেতৃত্ব দিয়া নক্সালসকলৰ কেন্দ্রীয় বিষয়বস্তু ভাৰত চৰকাৰৰ ওপৰত আধিপত্য অর্জন কৰাৰ এখন মাৰাত্মক যুদ্ধলৈ পৰিণত হৈছিল৷ তেওঁলোকে সমাজৰ অর্থনৈতিক আৰু সামাজিক সমস্যাবোৰ সমাধান কৰাৰ মূল প্রতিশ্রুতি পূৰণ কৰাত ব্যর্থ হৈছিল৷ কেইবছৰমানৰ ভিতৰতে স্বাধীন ভাৰতৰ আটাইতকৈ হিংসাত্মক আৰু অমানৱীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছিল এইনক্সাল আন্দোলন৷ নক্সালসকলৰ বহুতো কার্যকলাপ চীনৰ কুখ্যাত ৰাজনৈতিক নেতা আৰু চাইনীজ কমিউনিষ্ট পার্টীৰ প্রাক্তন অধ্যক্ষ মাও জে ডঙৰ আদর্শৰ পৰা অনুপ্রাণিত হোৱাৰ বাবে তেওঁলোকক ‘মাওবাদী’ বুলিও প্রায়ে সম্বোধন কৰা হয়৷

দক্ষিণ ভাৰতৰ পৰা মধ্য ভাৰত আৰু পূব ভাৰতলৈকে মাওবাদী হিংসাৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা অঞ্চলসমূহক ‘ৰেড কৰিড’ৰ’ হিচাপে মনোনীত কৰা হৈছে৷ ভাৰতত নক্সাল আন্দোলনৰ মুখ্য কেন্দ্রবিন্দু এই ‘ৰেড কৰিড’ৰ’ত অন্তর্ভুক্ত হৈ আছে ১০খন ৰাজ্য ক্রমে ছত্তিশগড, তেলেংগানা, কেৰালা, পশ্চিমবংগ, ঝাৰখণ্ড, মধ্য প্রদেশ, মহাৰাষ্ট্র, ওড়িশা, অন্ধ্রপ্রদেশ আৰু বিহাৰ৷ জুলাই ২০১৭ বর্ষত ‘দ্য ইক’নমিক টাইমছ’ত প্রকাশিত এক প্রতিবেদন অনুসৰি, যোৱা দুটা দশকত মাওবাদীয়ে সংঘটিত কৰা হিংসাত্মক ঘটনাত নিৰাপত্তা বাহিনীৰ ২,৭০০জন কর্মীকে ধৰি প্রায় ১২,০০০ লোকে প্রাণ হেৰুৱাইছে৷ ইছলামিক মৌলবাদৰ দৰে এই সমস্যাটোও সমানেই গুৰুতৰ৷
অৱশ্যে অসম আৰু উত্তৰ–পূব ভাৰতৰ সমগ্র অঞ্চলটো মাওবাদীৰ পৰা সুৰক্ষিত বুলি ভবাটো ভুল হ’ব৷ ২০১২ চনৰ মে’ মাহত অজয় চন্দা ওৰফে ইন্দ্রনীল নামৰ এজন মাওবাদী নেতাক কলকাতাৰ পৰা ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ দ্বাৰা গ্রেপ্তাৰ কৰাৰ পিছত গুৱাহাটীৰ এখন আদালতত হাজিৰ কৰোৱা হৈছিল৷ ইন্দ্রনীলে অসমত মাওবাদী মডিউল স্থাপন কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল বুলি জানিব পৰা গৈছিল৷ তেওঁ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন বিদ্রোহী গোটবোৰক অস্ত্র–শস্ত্র যোগান ধৰাৰ বাবে মণিপুৰৰ ‘পিপলছ লিবাৰেচন আর্মী’ নামৰ উগ্রপন্থী সংগঠনটোৰ সৈতেও সমন্বয় সাধিছিল৷ এই সকলোবোৰ কথা এনআইএ–য়ে দাখিল কৰা অভিযোগ–পত্রত উল্লেখ আছিল৷

চাৰু মজুমদাৰে বিভিন্ন সংগঠনৰ সহায়ত ভাৰতবর্ষত বিপ্লৱ আৰম্ভ কৰাৰ লক্ষ্য পুহি ৰাখিছিল৷ নিজকে ‘বুদ্ধিজীৱী’ বুলি পৰিচয় দিয়া বহুতো সুপ্রতিষ্ঠিত লেখক, শিল্পী, সমাজকর্মী, অধ্যাপক আৰু সাংবাদিকে চাৰু মজুমদাৰক তেওঁৰ প্রচেষ্টাত বিভিন্নধৰণে সমর্থন জনাইছিল৷ যুৱ আৰু উদ্যমী শিক্ষার্থীসকলক নক্সাল আন্দোলনত যোগদান কৰিবলৈ উৎসাহিত কৰাত এই লোকসকলৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূর্ণ৷ লাহে লাহে নক্সাল আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য সলনি হ’ল৷ কৃষকৰ আত্মহত্যা, মুদ্রাস্ফীতি আৰু নিবনুৱা সমস্যা, ঔদ্যোগিকীকৰণ আৰু বৃহৎ নদীবান্ধ নির্মাণ আদি বিষয়বোৰ নক্সালসকলে ভাৰত চৰকাৰক আক্রমণ কৰাৰ ৰণকৌশল হিচাপে ব্যৱহাৰ কৰিছিল৷

আজিৰ তাৰিখত নক্সালসকল আমাৰ দেশৰ দূৰৱর্তী আৰু দুর্গম বনাঞ্চলবোৰতে কেৱল সীমাবদ্ধ হৈ থকা নাই৷ চৰকাৰী কার্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানৰ পৰা বেচৰকাৰী সংগঠন আৰু সংবাদ মাধ্যম আদিলৈকে তেওঁলোকৰ নেটৱর্ক সমগ্র দেশৰ সকলো ঠাইতে বিয়পি আছে৷ তেওঁলোক অত্যন্ত চতুৰ৷ তেওঁলোকৰ পৰিকল্পনা দীর্ঘম্যাদী৷ জনসাধাৰণক কেনেকৈ প্রতাৰণা কৰিব লাগে, সেই কৌশলবোৰ তেওঁলোকে ভালদৰে জানে৷ সমাজত বিশৃংখলতা সৃষ্টি কৰাৰ তেওঁলোকৰ প্রকৃত অভিপ্রায় সাধাৰণ মানুহৰ পৰা কেনেদৰে ‘শিক্ষাবিদ’, ‘লেখক’ বা ‘সাংবাদিক’ৰ আৱৰণৰ আঁৰত লুকুৱাই ৰাখিব লাগে, সেই বিষয়েও তেওঁলোক অৱগত৷ তেওঁলোকৰ হাতত ৰাজনৈতিক ক্ষমতা নাই৷ কিন্তু সমাজখন সূক্ষ্মভাৱে নিয়ন্ত্রণ কৰাত তেওঁলোক পার্গত৷ যি চৰকাৰেই শাসনত নাথাকক কিয়, চৰকাৰৰ কার্যপ্রণালীৰ ওপৰত তেওঁলোকে সকলোপ্রকাৰে নিজৰ আধিপত্য আৰু নিয়ন্ত্রণ নিশ্চিত কৰে৷ প্রয়োজন হ’লে তেওঁলোকে সময়ে সময়ে কাম কৰাৰ পদ্ধতিও সলনি কৰে৷ নিশ্চিতভাৱে ২০১৪ চনৰ পিছত ছ’চিয়েল মিডিয়াৰ বর্ধিত জনপ্রিয়তাৰ বাবে আমাৰ চাৰিওফালে বহুতো পৰিৱর্তন লক্ষ্য কৰিব পাৰি৷ কিন্তু ভাৰতৰ শৈক্ষিক ব্যৱস্থা, বিশেষকৈ উচ্চ শিক্ষানুষ্ঠানসমূহত তথাকথিত ‘বাঁওপন্থী–উদাৰবাদী’ Left-Liberals) সকলৰ আধিপত্য আজিও অব্যাহত আছে৷ এই আধিপত্য তেওঁলোকে সহজে এৰি নিদিব৷

তেওঁলোকে নক্সাল আন্দোলন আৰু মাওবাদীক মহিমান্বিত কৰি শিক্ষানুষ্ঠানসমূহত নিজৰ ভেটি স্থাপন কৰে৷ গুজৰাট আৰক্ষীয়ে ২০০৯ চনত কোবাদ ঘাণ্ডী নামৰ এজন শীর্ষ পর্যায়ৰ মাওবাদী নেতাক গ্রেপ্তাৰ কৰাৰ পিছত দিল্লী আৰু মুম্বাইৰ দৰে মহানগৰীয় চহৰবোৰত নক্সালসকলৰ নগৰীয় নেটৱর্কৰ বহুতো ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল৷ ঘাণ্ডীয়ে ঝাৰখণ্ড আৰু ছত্তিশগডৰ দূৰৱর্তী জংঘলবোৰত অৱস্থিত মাওবাদী শিবিৰসমূহত যোগদান কৰাৰ বাবে চহৰাঞ্চলৰ লোকসকলক নিয়োগ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ মাওবাদীসকলে আমাৰ দেশৰ নগৰ আৰু চহৰাঞ্চলবোৰ আন্তঃৰাষ্ট্রীয় পর্যায়ত সংযোগ স্থাপনৰ বাবে ব্যৱহাৰ কৰে৷ তদুপৰি যোৱা কেইবছৰমানত বিভিন্ন আদিবাসী সম্প্রদায়ৰে জনবসতিপূর্ণ অঞ্চলবোৰৰ পৰা মাওবাদী সংগঠনসমূহত নিযুক্তিৰ হাৰ হ্রাস হোৱাৰ ফলত নগৰাঞ্চলত মাওবাদী কার্যকলাপ যথেষ্ট বৃদ্ধি পাইছে৷ মাওবাদী কেডাৰবোৰত আত্মসমর্পণৰ সংখ্যাও দ্রুতগতিত বৃদ্ধি হৈছে৷ বিগত ৫০ বছৰত মাওবাদীৰ হাতত আদিবাসীসকলে সন্মুখীন হোৱা চৰম বর্বৰতা আৰু নির্যাতনৰ বাবে তেওঁলোকে এতিয়া মাওবাদী বিচাৰধাৰাৰ ফোঁপোলা প্রতিশ্রুতি উপলব্ধি কৰিব পাৰিছে৷ আদিবাসীসকলক শিক্ষা–দীক্ষাৰ পৰা আঁতৰাই ৰাখিবলৈ মাওবাদী সংগঠনবোৰে এই পৰিয়ালবোৰৰ শিশুসকলক বলপূর্বকভাৱে নিয়োগ কৰাৰ উদ্দেশ্যে ‘বাল দস্তা’ নামৰ বিভিন্ন গোট গঠন কৰে৷

আনহাতে, মাওবাদী কেডাৰত মহিলাক নিযুক্তি দিয়াৰ বাবে কন্যা সন্তান থকা দুখীয়া আদিবাসীসকলক ভয় দেখুৱাই অতি নির্মমভাৱে তেওঁলোকৰ সন্তানটি কাঢ়ি নিয়া হয়৷ ‘পুৰুষতান্ত্রিকতা’ (Patriarchy’) আৰু ‘মহিলাৰ অধিকাৰ’ৰ অজুহাত লৈ বহুতো হিন্দু পৰম্পৰাগত ৰীতি–নীতি সমালোচনা কৰা সেই একে ‘বুদ্ধিজীৱী’সকলৰ দ্বাৰা মাওবাদী সংগঠনসমূহত মহিলা কেডাৰসকলে সন্মুখীন হোৱা যৌন নির্যাতনৰ বিভিন্ন ঘটনা জনসাধৰণৰ চকুৰ পৰা লুকুৱাই ৰখা হয়৷ এয়াও জানো ‘মহিলাৰ অধিকাৰ’ৰ উলংঘন নহয়? দেশত য’তেই মাওবাদীয়ে নিজৰ ঘাটি স্থাপন কৰিছে, সেই সমগ্র অঞ্চলটোৰ শৈক্ষিক আৰু অর্থনৈতিক প্রগতি যথেষ্ট ক্ষতি হোৱা দেখা যায়৷ তেওঁলোকে ‘পুঁজিবাদ’ (Capitalism’)ৰ নামত সকলোধৰণৰ উন্নয়নৰ বিৰোধিতা কৰে৷ এই ক্ষেত্রত আমাৰ দেশৰ তথাকথিত ‘বুদ্ধিজীৱী’সকলে পশ্চিমীয়া শৈক্ষিক জগতৰ পৰা উদ্ভৱ হোৱা বিভিন্ন তত্ত্বৰ জৰিয়তে হিংসাত্মক মাওবাদী কার্যকলাপবোৰক নৈতিক আৰু বৌদ্ধিক সমর্থন আগবঢ়ায়৷ এনেদৰে তেওঁলোকে সকলো মাওবাদী কার্যক ‘পুঁজিবাদী ভাৰত ৰাষ্ট্রৰ বিৰুদ্ধে প্রতিবাদ’ বুলি ন্যায়সংগত কৰিবলৈ চেষ্টা কৰে৷ এই লোকসকলে দিল্লী, মুম্বাই আৰু কলকাতাৰ দৰে মহানগৰ আৰু অন্যান্য নগৰাঞ্চলৰ পৰা দেশৰ বিভিন্ন প্রান্তৰ দূৰৱর্তী জংঘলত ঘাটি স্থাপন কৰা মাওবাদীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে৷ সেয়েহে তেওঁলোকক ‘আর্বান নক্সাল’ বুলিও কোৱা হয়৷

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, হায়দৰাবাদ কেন্দ্রীয় বিশ্ববিদ্যালয়, এলাহাবাদ কেন্দ্রীয় বিশ্ববিদ্যালয়, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েঞ্চেছ আৰু পশ্চিমবংগৰ যাদৱপুৰ বিশ্ববিদ্যালয় নগৰীয়া বা আর্বান নক্সালবাদৰ মুখ্য কেন্দ্র৷ ২০১৩ চনৰ ঘটনা৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা হেম মিশ্র নামৰ এজন ছাত্রক মহাৰাষ্ট্রৰ চন্দ্রপুৰ জিলাৰ পৰা আৰক্ষীয়ে মাওবাদীৰ বাবে কুৰিয়াৰ হিচাপে কাম কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰিছিল৷ হেম মিশ্রৰ গ্রেপ্তাৰৰ পিছতেই দিল্লী বিশ্ববিদ্যালয়ৰ ৰামলাল আনন্দ মহাবিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ অধ্যাপক জিএন সাইবাবাৰ বিৰুদ্ধে বহুতো তথ্যৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ বাসগৃহত তালাচী অভিযান চলাইছিল৷ চহৰাঞ্চলৰ বিভিন্ন সংগঠনৰ সৈতে মাওবাদীৰ আভ্যন্তৰীণ সম্পর্কৰ বহুতো গুৰুত্বপূর্ণ নথি–পত্র সাইবাবাৰ পৰা জব্দ কৰা হৈছিল৷ পিছত আৰক্ষীৰ তদন্তত জানিব পৰা মতে, ১৯৯১ চনত অধ্যাপক সাইবাবাক চিপিআই (মাওবাদী)ৰ আদেশত ভাৰতৰ বিভিন্ন নগৰাঞ্চলত মাওবাদী নেটৱর্ক সম্প্রসাৰিত কৰাৰ বাবে অন্ধ্রপ্রদেশৰ পৰা দিল্লীলৈ প্রেৰণ কৰা হৈছিল৷ তেওঁ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলক ভাৰত ৰাষ্ট্রৰ বিৰুদ্ধে বন্দুক তুলি ল’বলৈ প্রৰোচিত কৰিছিল৷ দিল্লী বিশ্ববিদ্যালয়ৰ কেইজনমান শিক্ষার্থীয়ে আনকি অধ্যাপকজনৰ নির্দেশত ছত্তিশগডৰ বস্তাৰ জিলাত মাওবাদীৰ সৈতে যোগদানো কৰিছিল৷ অৱশ্যে তেওঁলোকো অতি সোনকালেই গ্রেপ্তাৰ হৈছিল৷

তদন্তৰ সময়ত নাগপুৰ ৰেঞ্জৰ তদানীন্তন আৰক্ষী মহাপৰিদর্শক ৰবীন্দ্র কদমে এই কথা উল্লেখ কৰিছিল৷ মাওবাদীসকলে অস্ত্র–শস্ত্র প্রয়োগ কৰাৰ বাবে কাশ্মীৰ আৰু উত্তৰ–পূর্বাঞ্চলৰ সন্ত্রাসবাদী সংগঠনসমূহৰ সৈতে ইতিমধ্যে সম্পর্ক স্থাপন কৰিছে বুলি আগষ্ট ২০১৫ চনত কেন্দ্রীয় গৃহ মন্ত্রালয়ে দাখিল কৰা এখন শপতনামাত উল্লেখ কৰা হৈছিল৷ উদাহৰণ স্বৰূপে, ২০০১ চনত কলকাতাৰ আমেৰিকান চেণ্টাৰত আক্রমণ চলাই লস্কৰ–ই–তৈবাৰ সন্ত্রাসবাদীসকল ঝাৰখণ্ড হৈ ৰাঁচীৰ এজন নক্সালৰ ঘৰলৈ পলাই যোৱা বুলি জানিব পৰা গৈছিল৷ এনেধৰণৰ সহায়ৰ বিনিময়ত কাশ্মীৰৰ সন্ত্রাসবাদী গোটবোৰে মাওবাদীসকলক অত্যাধুনিক অস্ত্র–শস্ত্র ব্যৱহাৰ কৰাৰ প্রশিক্ষণ প্রদান কৰে৷

বিভিন্ন সন্ত্রাসবাদী সংগঠনবোৰে সমগ্র ভাৰতৰ বিশ্ববিদ্যালয়সমূহ নিজৰ নেটৱর্ক স্থাপন কৰাৰ কিছু গুৰুতৰ তথ্য ২০১০ চনৰ এক চোৰাংচোৱা প্রতিবেদনত পোহৰলৈ আহিছিল৷ কিন্তু প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নেতৃত্বত সেই সময়ৰ কেন্দ্রীয় চৰকাৰে এই সংবেদনশীল প্রতিবেদনৰ ভিত্তিত বিশ্ববিদ্যালয়সমূহ পৰিস্থিতি বুজ লোৱাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল৷ সম্ভৱতঃ তেতিয়া মাওবাদীৰ দ্বাৰা সংঘটিত বহুতো হিংসাত্মক ঘটনা সময়ৰ আগতে ভাৰত চৰকাৰে প্রতিৰোধ কৰিব পাৰিলেহেঁতেন৷ এই প্রতিবেদনৰ তিনি বছৰ পিছত ২০১৩ চনৰ মে’ মাহত ছত্তিশগডৰ চুকমা জিলাত মাওবাদীয়ে কংগ্রেছ দলৰ ২৭জন নেতাক হত্যা কৰিছিল৷ সেই সময়ত চুকমা জিলাৰ দর্ভা উপত্যকাৰ ঘন জংঘলৰ মাজেৰে কংগ্রেছৰ নেতাকেইজনে ২৫খন বাহনৰ কনভয়ত যাত্রা কৰি আছিল৷ অঞ্চলটোত মাওবাদীৰ দ্বাৰা ইচ্ছাকৃতভাৱে গছ কটাৰ ফলত পথ অৱৰুদ্ধ হোৱাৰ বাবে তেওঁলোকৰ কনভয় হঠাতে ৰ’ব লগা হৈছিল৷ মাওবাদীসকলে লগে লগে ৩০ কিলোগ্রাম ওজনৰ বোমাৰে এটা বৃহৎ বিস্ফোৰণ সংঘটিত কৰে৷ এখন বাহন সম্পূর্ণৰূপে বিস্ফোৰিত হোৱাৰ উপৰি আন বহুতো ক্ষতিগ্রস্ত হৈছিল৷ ঘটনাস্থলীৰ পৰা পলাবলৈ লওঁতে বাহনবোৰৰ মাজত সংঘর্ষ হৈছিল৷ তেতিয়া ২৫০ৰো অধিক মাওবাদীয়ে সকলো ফালৰ পাহাৰৰ পৰা গুলীচালনা কৰিছিল৷ প্রাক্তন নক্সালবিৰোধী কর্মী মহেন্দ্র কর্মাও এই আক্রমণত নিহত হৈছিল৷

অৱশ্যে যোৱা ১০ বছৰত মাওবাদী সমস্যাৰ মোকাবিলা কৰাত ভাৰতীয় নিৰাপত্তা বাহিনী পূর্বতকৈ অধিক সফল হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তথ্য অনুসৰি, ২০০৪ চনৰ পৰা ২০১৪ চনলৈ আৰু পুনৰ ২০১৪ চনৰ পৰা ২০২৩ চনলৈ মাওবাদীৰ দ্বাৰা সংঘটিত হিংসাত্মক ঘটনাত মৃত্যুৰ হাৰ ৬৯ শতাংশলৈ হ্রাস পোৱা বুলি জানিব পৰা গৈছে৷ মাওবাদৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা জিলাৰ সংখ্যাও ২০১০ চনত ৯৬ৰ পৰা ২০২২ চনত ৪৫লৈ হ্রাস পাইছিল৷ তদুপৰি বিদেশী অৱদান নিয়ন্ত্রণ আইন Foreign Contribution Regulatory Act) (এফচিআৰএ)ৰ অধীনত বিদেশৰ পৰা পুঁজি লাভ কৰা হাজাৰ হাজাৰ বেচৰকাৰী সংগঠনৰ অনুজ্ঞা–পত্র গৃহ মন্ত্রালয়ে বাতিল কৰিছে৷ বার্ষিক ৰিটার্ন দাখিল কৰাত ব্যর্থ হোৱাৰ বাবে চৰকাৰে ২০১৫ চনত ১০,০০০টাতকৈও অধিক বেচৰকাৰী সংগঠনৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল৷ ‘দাতব্য’ সংগঠনৰ নাম লৈ এই বেচৰকাৰী সংগঠনসমূহৰ বহুসংখ্যকেই বিদেশৰ পৰা প্রাপ্ত ধন মাওবাদীৰ সহযোগত দেশৰ জনজাতীয় অঞ্চলবোৰত ধর্মান্তৰকৰণৰ উপৰি সামাজিক আৰু ৰাজনৈতিক বিশৃংখলতা সৃষ্টি কৰাৰ বাবে ব্যৱহাৰ কৰে৷ সেয়েহে দেশৰ অন্যান্য অঞ্চলৰ তুলনাত মাওবাদী অধ্যুষিত অঞ্চলবোৰত খ্রীষ্টান ধর্মান্তৰকৰণৰ হাৰ সর্বাধিক৷ ইয়াত আচৰিত হ’বলগীয়া একো নাই৷ কেঁচুৱা চুৰি আৰু শিশু অপহৰণৰ ঘটনাও এই অঞ্চলবোৰৰ পৰা সঘনাই শুনিবলৈ পোৱা যায়৷ ভাৰত ৰাষ্ট্র আৰু ভাৰত চৰকাৰে আমাৰ সমাজৰ দৰিদ্র আৰু পিছপৰা শ্রেণীৰ লোকসকলক অত্যাচাৰ কৰাৰ কাল্পনিক কাহিনীটো মাওবাদীসকলে আজিও তেওঁলোকৰ আন্দোলন জীয়াই ৰাখিবলৈ সঁজুলি হিচাপে ব্যৱহাৰ কৰে৷ ইয়াৰ পৰিৱর্তে তেওঁলোকে নিজকে এই লোকসকলৰ ত্রাণকর্তা বুলি দাবী কৰে৷ এজন প্রকৃত ত্রাণকর্তাই মানুহক শান্তিৰে জীয়াই থাকিবলৈ দিব৷ কিন্তু মাওবাদীসকলে এনে নকৰে৷ মাওবাদীক সমর্থন কৰা বুদ্ধিজীৱী–লেখক–সাং কর্মীৰ মাফিয়া সমাজৰ বাবে অধিক ক্ষতিকাৰক৷ আমাৰ মাজৰে মুখাপিন্ধা ‘শিক্ষিত’ এই অদৃশ্য শত্রুসকলৰ পৰা আমি এতিয়া সজাগ হ’বৰ হ’ল৷

লেখিকা বর্তমান সহকাৰী অধ্যাপিকা হিচাপে দিল্লীত কর্মৰত
ফোন : ৯৫৬০৮–৭৭৭১৬

You might also like