সোণাৰিত বন্য হস্তীৰ তাণ্ডৱ অব্যাহত, পুনৰ বিধ্বস্ত কৰিলে দুটাকৈ বাসগৃহ
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: সোণাৰিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে। যোৱা কেইদিন মানৰ পৰা এটা বনৰীয়া হাতীৰ জাকে নগৰখনৰ পাৰ্চৱৰ্তী অঞ্চলসমূহত উপদ্ৰৱ চলাই ঘৰ – দুৱাৰ ভাঙি পেলোৱাৰ সময়তে যোৱা নিশাও পুনৰ নগৰখনৰ সমীপৱৰ্তী তথা সোণাৰি আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ আঁতৰত থকা নাফুক ডিপো লাইনত বন্যহস্তীৰ এটা জাকে ভাঙিলে দুটাকৈ ঘৰ।অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে যোৱা নিশা অঞ্চলটোত প্ৰৱেশ কৰি দুটাকৈ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে। ঘটনাৰ বিৱৰণী মতে যোৱা নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সম্ভাৰ বিচাৰি বাগিচাখনত প্ৰৱেশ কৰে এটা বন্য হস্তীৰ দল । হাতীৰ জাকটোৱে দীনেশ ভূমিজ আৰু ৰামু মাঝি নামৰ শ্ৰমিককেইজনৰ বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰে।কথমপি ৰক্ষা পৰে পৰিয়াল কেইটাৰ আন সদস্যসকল।
ইফালে হাতীৰ জাকটোৱে ওৰে নিশা সমগ্র অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি বহু লোকৰ মূল্যৱান গছ – গছনি ভাঙি চিঙি তহিলং কৰি পুৱা পুনৰ বনাঞ্চলখনলৈ উভতি যায় । অঞ্চলটোৰ ৰাইজে নিশা বন বিভাগক খবৰ দিয়াত বন বিভাগৰ দল এটা ঘটনাস্থলীত গৈ উপস্থিত হয় । উল্লেখযোগ্য যে অভয়পুৰ বনাঞ্চলত চোৰাংকাঠ বেপাৰিয়ে গছ কাটি ধ্বংস কৰাৰ ফলত বন্য হস্তীৰ সন্ত্ৰাসত গাওঁৰ আৰু চাহ বাগিচাৰ ৰাইজে উজাগৰে দিন কটাবলগীয়া হৈছে । যোৱা নিশা অঞ্চলটোৰ শ্ৰমিক পৰিয়ালকেইটাৰ বাসগৃহ হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাত সম্প্ৰতি দিশহাৰা উক্ত পৰিয়ালকেইটা সম্প্ৰতি মুকুলি আকাশৰ তলত । মন কৰিবলগীয়া যে যোৱা নিশা বনৰীয়া হাতীয়ে বিধ্বস্ত কৰা শ্ৰমিককেইজনৰ ঘৰ প্ৰতি বছৰে এনেদৰে হাতীয়ে ভাঙি আহিছে যদিও আজিলৈকে শ্ৰমিককেইজনে ক্ষতিপূৰণৰ নামত চৰকাৰৰ ফালৰ পৰা ফুটাকৰি এটাও নোপোৱাৰ অভিযোগ কৰিছে পৰিয়াল কেইটাই ।
দীপাংকৰ পাল, সোণাৰি